অসম

assam

নগাঁও ডাক বিভাগত বিয়াগোম দুৰ্নীতিৰ অভিযোগ, প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ

ETV Bharat / videos

Corruption In Post office : নগাঁও ডাক বিভাগত বিয়াগোম দুৰ্নীতিৰ অভিযোগ, প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ - নগাঁও ডাক বিভাগত বিয়াগোম দুৰ্নীতিৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 6:57 PM IST

নগাঁও, 7 নৱেম্বৰ :এখন পত্ৰই কঁপনি তুলিছে নগাঁও ডাক বিভাগত। নগাঁও ডাক বিভাগত বদলিৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। দুৰ্নীতিৰ অভিযোগ তুলি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিলে এগৰাকী ব্যক্তিয়ে। নগাঁও মুখ্য ডাকঘৰৰ অধীক্ষক দেৱাশীষ গোস্বামীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি পত্ৰ প্ৰেৰণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীলৈ। 

ঘটনা অনুসৰি, পোষ্ট-মাষ্টৰৰ ৰদ-বদলৰ বাবদ ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰিছে ডাকঘৰৰ অধীক্ষক দেৱাশীষ গোস্বামীৰ বিৰুদ্ধে। ৰদ-বদলৰ নামত 50 হাজাৰৰ পৰা 1 লাখলৈকে উৎকোচ লোৱাৰ অভিযোগ অধীক্ষক গোস্বামীৰ বিৰুদ্ধে। 

এই সমগ্ৰ ঘটনা সন্দৰ্ভত গুৱাহাটীৰ হাতীগাঁও শেৱালী পথৰ ডি. এল দাস নামৰ এগৰাকী ব্যক্তিয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰে ৷ ইফালে দুৰ্নীতিৰ অভিযোগক নস্যাৎ কৰিলে অধীক্ষক দেৱাশীষ গোস্বামীয়ে। মঙলবাৰে সংবাদ মাধ্যমৰ সন্মুখত পোষ্ট মাষ্টৰ বদলিৰ নামত কোনো ধৰণৰ ধন সংগ্ৰহ কৰা নাই বুলি মন্তব্য কৰে অধীক্ষক দেৱাশীষ গোস্বামীয়ে। ইয়াৰ বিপৰীতে বিভাগীয় নিয়ম অনুযায়ীহে ৰদ-বদল কৰাৰ কথাহে উল্লেখ কৰে অধীক্ষকগৰাকীয়ে ৷

লগতে পঢ়ক:Dead body recovered : এইবাৰ পুখুৰীত উপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details