অসম

assam

কাৰোবাৰ জবকাৰ্ডৰ ধন সোমালেগৈ কাৰোবাৰ বেংকত

ETV Bharat / videos

Govt scheme scam: কাৰোবাৰ জব কাৰ্ডৰ ধন সোমালেগৈ কাৰোবাৰ বেংক একাউন্টত; হিতাধিকাৰী নিৰুপায়

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 2:05 PM IST

বৰপেটা, ২৮ ছেপ্টেম্বৰ: বৰপেটাৰ সৰুক্ষেত্ৰীত জবকাৰ্ডৰ নামত লুণ্ঠন চলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে জবকাৰ্ডৰ জৰিয়তে পাব লগা ধন অন্য লোকৰ বেংক একাউন্ট যোগে উলিয়াই নিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ৪১ নং দক্ষিণ পশ্চিম বেতবাৰী গাঁও পঞ্চায়ত এই দুৰ্নীতিৰ ঘটনা সংঘটিত হৈছে ৷ এতিয়ালৈকে পঞ্চায়তটোত জবকাৰ্ডৰ জৰিয়তে লাখ লাখ টকাৰ হৰলুকি হোৱাৰো অভিযোগ উঠিছে ৷ 

পঞ্চায়তটোৰ GRS ছোলেমান আলীয়ে প্ৰকৃত হিতাধিকাৰীৰ বিপৰীতে অন্য লোকক হিতাধিকাৰী সজাই ভুৱা লোকৰ নামত জবকাৰ্ডৰ ধন উলিয়াই এনেদৰে লুণ্ঠন চলোৱাৰ অভিযোগ আনিছে স্থানীয় লোকে ৷ স্থানীয় লোকে অভিযোগ কৰা অনুসৰি একাংশ দালালৰ জৰিয়তে পঞ্চায়তটোৰ GRS, একাউন্টেন্ট আৰু সচিবে মিলি এই ঘটনা সংঘটিত কৰি আহিছে ৷ দুখীয়া লোকৰ নামত আৱন্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন হৰলুকি কৰা এইসকল বিষয়া কৰ্মচাৰী দালালৰ বিৰুদ্ধে জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক:Assam youth killed in Nagaland: মৰণোত্তৰ পৰীক্ষা নহ’ল ললিত-উৎপলৰ; ৰাইজে নকৰে সৎকাৰ !

ABOUT THE AUTHOR

...view details