অসম

assam

Allegation of Scam : বৰাচিৰা নদীৰ খুটাকাণ ঘাটত গাইড বান্ধ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

By

Published : Apr 28, 2023, 10:46 PM IST

গাইড বান্ধ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ

ধেমাজি, 28 এপ্ৰিল : গাইড বান্ধ হৈছে নৈ পৰীয়া একোটা অঞ্চলৰ বাবে নিৰ্ভৰযোগ্য একমাত্ৰ পথ ৷ এচপৰাও মাটি নেপেলোৱাকৈ কেৱল পিছে ফলক আঁৰিয়েই সংশ্লিষ্ট ঠিকাদাৰে আঁচনিৰ এটা অংশ ধন উলিয়াই নিলে বাৰু ৰাইজে কাক বিশ্বাস কৰিব ? এই অভিযোগ ধেমাজি উন্নয়ন খণ্ডৰ অধীনৰ গোহাঁই গাঁও পঞ্চায়তৰ বৰাচিৰা গাঁৱৰ নদীৰ দাঁতিকাষৰীয়া ৰাইজৰ ৷ 

ৰাইজৰ অভিযোগ অনুসৰি যোৱা বছৰৰ 28 মাৰ্চতেই এই কামৰ আৰম্ভ কৰিছিল যদিও আজিও সম্পূৰ্ণ হৈ নুঠিল ৷ বৰঞ্চ প্ৰায় দহ লাখ টকীয়া ফলক আঁৰিয়েই বিভাগীয় কৰ্তৃপক্ষই আঁচনিৰ কাম সামৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে (Scam in Construction of guide dams in Dhemaji) ৷

ইফালে ফলকত উল্লেখ থকা মতে, Project Estimate আছিল 999153 (L), labour component 1.47(L), Material component 853 (L), Number of person Day 656 days, unit of measurement 73 meter, wage Rat 224, executing Agency Gohain goun GP, উন্নয়ন খণ্ডৰ ধেমাজি ৷ যিহেতু গাঁওবাসীৰ পোনপটীয়া যাতায়ত কৰিবলৈ বিকল্প পথ নাই, গতিকে উক্ত বান্ধটো নিৰ্মাণ কৰি দিলেই যাতায়তৰ বাবে ই সূচল হৈ পৰিব (Corruption in Construction of guide dams in Dhemaji)।

এই পথৰ দুৰৱস্থাৰ বাবে কণ কণ শিক্ষাৰ্থীসকলেও পদে পদে বিপদত পৰি আহিছে ৷ এই সন্দৰ্ভত সংশ্লিষ্ট বিভাগক অৱগত কৰি অহাৰ পিচতো ৰাইজৰ খবৰ ল’বলৈ কাৰো আহৰিই নাই বুলি সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰে অঞ্চলটোৰ ৰাইজে ৷ সেয়ে শীঘ্ৰেই গাইড বান্ধটো নিৰ্মাণ কৰি গৰাখহনীয়া ৰোধ কৰা লগতে যাতায়তৰ সুচল কৰি দিবলৈ দাবী জনাইছে । অন্যথা গাঁওবাসীয়ে অনাগত সময়ত চৰকাৰৰ বিৰুদ্ধে ৰাজপথত আন্দোলন কৰাৰো হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক :Scam in Dhubri Zilla Parishad: ধুবুৰী জিলা পৰিষদত পৰ্বতসম দুৰ্নীতি; সভাপতিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

ABOUT THE AUTHOR

...view details