চৰকাৰী আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতিৰ অভিযোগ - দুৰ্নীতিৰ অভিযোগ
Published : Dec 15, 2023, 8:55 PM IST
হোজাই, 15 ডিচেম্বৰ : হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত চাৰ্লক গাওঁ পঞ্চায়তত চৰকাৰী আঁচনি ৰূপায়ণৰ নামত বিয়াগোম দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ পঞ্চায়তৰ সভানেত্ৰীসহ পঞ্চায়ত প্ৰতিনিধি সকলে চৰকাৰী আঁচনি ৰূপায়ণৰ নামত ব্যাপক হাৰত ধন সংগ্ৰহ কৰাৰ অভিযোগ স্থানীয় একাংশ ৰাইজৰ ৷
স্থানীয় ৰাইজে অভিযোগ কৰি কয় যে দুখীয়াৰ বাবে চৰকাৰে আৱন্ট দিয়া প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ, অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চনকে আদি কৰি বিভিন্ন আঁচনি দিয়াৰ নামত এই পঞ্চায়ত প্ৰতিনিধিয়ে দুহেজাৰৰ পৰা পাঁচ হাজাৰ টকা লয় ৷ টকা নিদিলে প্ৰকৃত হিতাধীকাৰীয়ে এই সমূহ আঁচনি লাভ কৰাৰ পৰা বঞ্চিত হ’ব লগা হয় বুলি অভিযোগ কৰে তেওঁলোকে ৷
তদুপৰি এমজি এনৰেগা আঁচনিৰ অধীনত নিৰ্মাণ কৰা পথত নামমাত্ৰ কাম কৰি বাকী আৱন্টিত ধনো আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ ৷ উপায়ন্তৰ হৈ গাঁৱৰে একাংশ পুৰুষ-মহিলাই আজি বিন্নাকান্দি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ লিখিত অভিযোগ দাখিল কৰে ৷ চাৰ্লক গাওঁ পঞ্চায়তত ৰূপায়িত হোৱা সকলো চৰকাৰী আঁচনিৰ কামৰ তদন্ত কৰি দুৰ্নীতি কৰা সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাইজে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক :দুজন চিকিৎসকৰে চলিছে নলবাৰীৰ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়