Scam in Bongaigaon school: ৰাইজৰ ৰোষত বিত্তীয় কেলেংকাৰীত জৰিত প্ৰধান শিক্ষক - Scam in Bongaigaon school
বঙাইগাঁও,১১ ফ্ৰেব্ৰুৱাৰী:চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু বিতৰ্ক দুয়োটা যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি । বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নাম প্ৰায়ে সাঙোৰ খাই বিতৰ্কৰ সৈতে । কেতিয়াবা যদি মইমতালিৰে বিদ্যালয়লৈ শিক্ষক নাহে । আন কেতিয়াবা আকৌ মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰী কৰি দখল কৰে সংবাদ শিৰোনাম । ইয়াৰ মাজে মাজে বিত্তীয় কেলেংকাৰীৰ প্ৰসংগ আছেই । এইবাৰ বঙাইগাঁও জিলাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নাম সাঙোৰ খাইছে বিত্তীয় কেলেংকাৰীৰ সৈতে ।
বঙাইগাঁও জিলাৰ নোৱাগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে বিত্তীয় কেলেংকাৰীৰ অভিযোগ(Allegation of embezzlement against head master) । জালিয়াতিৰে ধন মোকলাই ৰাইজৰ ৰোষত পৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক নুৰুল ইছলাম । বঙাইগাঁও জিলাৰ মানিকপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত পুব নোৱাগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নুৰুল ইছলামে বিদ্যালয়ৰ ধন জালিয়াতিৰে আত্মসাৎ কৰি ৰাইজৰ ৰোষত পৰিছে(Scam in Bongaigaon school) ।
জানিব পৰা মতে বিদ্যালয়ৰ আন্তঃগাঁথনি আৰু মধ্যাহ্ন ভোজনৰ টকা বেংকৰ পৰা উলিয়াবলৈ পৰিচালনা সমিতিৰ সভাপতিৰ পৰা তিনিবাৰকৈ চহী লয়(Accused of embezzling mid-day meal money) । দুবাৰ ৫ হাজাৰকৈ আৰু এবাৰ ১৩শ টকা তোলাৰ নামত চহী লয় যদিও ৫ হাজাৰ টকাৰ ঠাইত এবাৰ ৭৫ হাজাৰ আৰু এবাৰ ৬৫ হাজাৰ আনহাতে ১৩ শ টকাৰ ঠাইত ৫১ হাজাৰ ৩০০টকা বেংকৰ পৰা তুলি আত্মসাৎ কৰে প্ৰধান শিক্ষকগৰাকীয়ে ।
পৰৱৰ্তী সময়ত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে বিষয়টো জানিব পাৰি পৰিচালনা সমিতিৰ সদস্য সকলক প্ৰধান শিক্ষক নুৰুল ইছলামৰ জালিয়াতি সন্দৰ্ভত অৱগত কৰে । লগে লগে শুকুৰবাৰে বিয়লিভাগত বিদ্যালয় পৰিচালনা সমিতি আৰু বিদ্যালয়ৰ মাতৃ গোটে প্ৰধান শিক্ষকক আবদ্ধ কৰি ৰাইজ মেল পাতে জবাবদিহি কৰে । ৰাইজমেলত প্ৰধান শিক্ষকে জালিয়াতিৰে ধন আত্মসাৎ কথা স্বীকাৰ কৰে । মধ্যাহ্ন ভোজনৰ লগতে বিদ্যালয় আন্তঃগাঁথনিৰ ধন প্ৰধান শিক্ষকে আত্মসাৎ কৰাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । দূৰ্নীতি পৰায়ণ প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক ৰাইজে দাবী জনাইছে ।
লগতে পঢ়ক:Lumding Junction Railway Station: লামডিং ৰে’ল ষ্টেচনৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধৰ নিৰ্দেশ ন্য়ায়ালয়ৰ
TAGGED:
Scam in Bongaigaon school