Allegation of Corruption : চৰাইদেউ জিলাৰ স্পৰ্টছ ষ্টেডিয়াম নিৰ্মাণত দুৰ্নীতি-অনিয়মৰ অভিযোগ
Published : Sep 16, 2023, 8:49 PM IST
ডিব্ৰুগড়, 16 ছেপ্টেম্বৰ :মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ আছিল চৰকাৰী আঁচনি ৰূপায়ণত কোনেও দুৰ্নীতি-অনিয়ম সংঘটিত কৰিব নোৱাৰিব ৷ কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো যেন গুৰুত্ব নিদিয়ে ৰাজ্যৰ একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ৷
এইবাৰ চৰাইদেউ জিলাৰ স্পৰ্টছ ষ্টেডিয়াম নিৰ্মাণত ব্যাপক দুৰ্নীতি-অনিয়মৰ অভিযোগ উত্থাপন হৈছে ৷ চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ থুকুবিল শিলঘাটত নৱ-নিৰ্মিত জিলা স্পৰ্টছ ষ্টেডিয়ামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলিছে দল- সংগঠনৰ লগতে স্থানীয় ৰাইজে ৷
অতি নিম্ন মানৰ শিল, ইটা, বালি ব্যৱহাৰ কৰাৰ অভিযোগ নিৰ্মাণকাৰী সংস্থা AVR INFRASPACE ৰ বিৰুদ্ধে ৷ প্ৰায় ৪১ কোটি ৪১ লাখ টকাৰে ৩০ বিঘা মাটিত পাহাৰ কাটি নিৰ্মাণ কৰি থকা ষ্টেডিয়ামটোৰ কামত ব্যৱহাৰ হৈছে নিম্ন মানদণ্ডৰ ইটাৰ লগতে পলস মিহলি বালি ৷ যাৰ ফলত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ আৰু দল- সংগঠন ৷ সমগ্ৰ নিৰ্মাণ কাৰ্যৰ তদন্ত কৰাৰ বাবে কেইবাটাও দল-সংগঠনে জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰিছে ৷ স্থানীয় ৰাইজ তথা দল-সংগঠনৰ অভিযোগ চৰাইদেউ জিলা স্পৰ্টছ ষ্টেডিয়াম নিৰ্মাণৰ নামত ঠিকাদাৰ, অভিযন্তাই মিলি চলাইছে লুণ্ঠন ৷