অসম

assam

দুৰ্নীতিৰ অভিযোগ

ETV Bharat / videos

Allegation of Corruption : ধূলা সমবায়ৰ অধীনৰ সুলভ মূল্যৰ ব্যৱসায়ীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

By

Published : Aug 10, 2023, 7:54 PM IST

দৰং, 10 আগষ্ট : দৰং জিলাৰ ধূলা সমবায়ৰ অধীনত থকা একাংশ সুলভ মূল্যৰ ব্যৱসায়ীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৷ ধূলা সমবায়ৰ অধীনত থকা ১ নং মাগুৰমাৰীৰ মাহালম নামৰ এজন সুলভ মূল্যৰ ব্যৱসায়ীৰ বিৰুদ্ধে উত্থাপন হৈছে লুণ্ঠনৰ অভিযোগ ৷ দুখীয়া পৰিয়ালৰ চাউল আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ ব্যৱসায়ীজনৰ বিৰুদ্ধে ৷

ভুক্তভোগীৰ অভিযোগ অনুসৰি তেওঁলোকে সুলভ মূল্যৰ ব্যৱসায়ীজনৰ বিৰুদ্ধে দৰং জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ দাখিল কৰে ৷ জিলা আয়ুক্তই স্মাৰক পত্ৰখন গ্ৰহণ কৰি ব্যৱস্থা লোৱাৰ বাবে যোগান বিভাগৰ বিষয়ালৈ পঠায় ৷ ভুক্তভোগীৰ মতে যোগান বিভাগৰ বিষয়াই তেওঁলোকক কিছু চাউল দিম বুলি কৈ ব্যৱসায়ীজনৰ লগত বুজাবুজিৰ কথা কয় ৷

কিন্তু বিষয়াজনৰ এই কথাত অমান্তি হয় ভুক্তভোগী ৷ এতিয়া ভুক্তভোগী সকলে অভিযুক্ত ব্যৱসায়ীজনৰ উপযুক্ত শাস্তিৰ দাবী কৰিছে ৷

লগতে পঢ়ক :Sialmari Bejirsutipar RPHC: নলবাৰীৰ শিয়ালমাৰী স্বাস্থ্যকেন্দ্ৰত ১২ বজালৈ নাই চিকিৎসক-কৰ্মচাৰী

ABOUT THE AUTHOR

...view details