অসম

assam

Bihpuria Road Construction:

ETV Bharat / videos

Bihpuria Road Construction: বিহপুৰীয়াত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ; তদন্তৰ দাবী - অমিয় কুমাৰ ভূঞা

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 4:29 PM IST

বিহপুৰীয়া, 29 আগষ্ট: বিধায়ক অমিয় কুমাৰ ভূঞাৰ সমষ্টিত পথ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি লখিমপুৰ জিলাৰ 109 নং বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰ নগৰৰ দৈনিক বজাৰৰ পৰা শিলিখাগুৰি সংযোগী বিধ্বস্ত গড়কাপ্তানি পকী পথচোৱা মেৰামতি কৰাৰ নামত সংশ্লিষ্ট ঠিকাদাৰে নিম্নমানৰ কাম কৰাৰ অভিযোগ উঠিছে ৷  

মেৰামতিৰ পাছতো বিধ্বস্ত পথটোৰ ব্লেক টেপিং হাতেৰে এৰুৱাই দিলেই চপৰা চপৰে এৰাই গৈছে ৷ ইফালে পথটো নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰা প্ৰায় ছয় সাত মাহ হৈ যোৱাৰ পাছতো নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাত পথাচাৰীয়ে যমৰ-যাতনা ভুগিব লগাত পৰিছে ৷ ইতিমধ্যে উক্ত পথটোৰ উপৰত বহু কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে ।  

পথচোৱা মেৰামতি কৰাৰ নামত ঠিকাদাৰৰ নিম্নমানৰ কাম বন্ধ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷ উল্লেখযোগ্য যে সমষ্টিটোৰ অন্যতম গুৰুত্বপূৰ্ণ এই পথটো মেৰামতি কৰাৰ সময়ত বিতুমিনকে (Bitumen) ধৰি প্ৰয়োজনীয় শিল আদি নিম্নমানৰ ব্যৱহাৰ কৰাৰ উপৰিও বোকাময় পথতেই আলকতাৰাৰ তৰপ দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷

ফলত এনেদৰে পথটোৰ সম্পূৰ্ণ মেৰামতি কৰি নৌহওঁতেই চপৰা চপৰে এৰাই গৈছে ৷ এই ক্ষেত্ৰত গড়কাপ্তানি বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে নীৰৱ দৰ্শকৰ ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ কৰিছে ক্ষোভিত ৰাইজে । সমগ্ৰ বিষয়টোত গড়কাপ্তানি বিভাগক এক তদন্ত কৰাৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক:Embankment collapsed: ছিপাঝাৰত ননৈয়ে ছিঙিলে মথাউৰি

ABOUT THE AUTHOR

...view details