অসম

assam

জল জীৱন মিছন আঁচনি

ETV Bharat / videos

Jal Jeevan Mission Scheme: ডুমডুমাত জল জীৱন মিছনৰ উন্মুক্ত পাইপে লগাইছে হাহাকাৰ - Public react on Jal Jeevan mission in Doomdooma

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 2:15 PM IST

তিনিচুকীয়া, ১৮ ছেপ্টেম্বৰ:ধন ঘটাৰ বিলাসী আঁচনিলৈ পৰ্যবসিত হৈছে কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী জল জীৱন মিছন আঁচনি । তিনিচুকীয়া জিলাৰ ডুমডুমাত জল জীৱন মিছনৰ ঠিকাদাৰৰ কৰ্মকাণ্ড দেখিলে সকলোৰে চকু কপালত উঠিব । ভিতৰুৱা গ্ৰামাঞ্চল বা চাহ বাগিছা অঞ্চলত নহয়, এই দৃশ্য হৈছে ডুমডুমা নগৰৰ মাজমজিয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ । এক প্ৰকাৰে এয়া জল জীৱন মিছনৰ ঠিকাদাৰে পাতি থোৱা মৰণফান্দহে ।  

উল্লেখ্য় যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই বিপদসংকুলভাৱে ওলাই আছে এইসমূহ পাইপ । ইফালে, ফুটপাথৰ ওপৰেৰে উন্মুক্তভাৱে পাইপসমূহ পাৰ কৰি আৱন্টিত ধন হৰলুকি কৰাৰ ফন্দি পাতি লৈছে ঠিকাদাৰে ।  

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই এইদৰে উন্মুক্ত অৱস্থাত পানীৰ পাইপ ওলাই থকাত যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকট হৈ পৰিছে । ইফালে, শাসকীয় পক্ষৰ নেতাই মোটা অংকৰ ধন লৈ ঠিকাদাৰক মুক্তমনে দুৰ্নীতি কৰিবলৈ লাইচেঞ্চ দিয়াৰ অভিযোগ উত্থাপন কৰিছে ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই ।

লগতে পঢ়ক:Vishwakarma Puja 2023 : হৰি নাম পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে মুখৰিত হৈ পৰিল তেজপুৰৰ বিশ্বকৰ্মা পূজা

ABOUT THE AUTHOR

...view details