অসম

assam

আপ যুৱ শক্তি অসমৰ সংবাদমেল

ETV Bharat / videos

Scam in SUHRID:জনীয়া সমষ্টিৰ বিধায়কৰ সুহৃদ আঁচনিত ভয়ংকৰ দুৰ্নীতি

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 4:10 PM IST

জনীয়া, ৩০ আগষ্ট :"জনীয়া এআই ইউ ডিএফৰ বহু নেতা কৰ্মী বেমাৰী ।"এই মন্তব্য় আপ যুৱ শক্তি অসমৰ ৰাজ্যিক সাংগঠনিক সম্পাদক জি এম ছফি কামালৰ । আজি আপ যুৱ শক্তি অসমৰ ৰাজ্যিক সাংগঠনিক সম্পাদকজনে আয়োজন কৰা এক সংবাদমেলত এইদৰে মন্তব্য় কৰি  জনীয়া সমষ্টিৰ বিধায়কৰ সুহৃদ আঁচনিৰ তালিকাত ওলাইছে এই তথ্য সম্পৰ্কে ব্য়াখ্য়া কৰে ।    

তেওঁ কয় যে বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত প্ৰকৃত দূৰাৰোগ্য বেমাৰীৰ নাম তালিকাত অন্তৰ্ভুক্ত হোৱাৰ পৰিৱৰ্তে  বিধায়ক হাফিজ ৰফিকুল ইছলামৰ অধীনত থকা সুহৃদ আঁচনিৰ তালিকাত কেৱল নিজ দলৰ বিভিন্ন পৰ্যায়ৰ দলীয় নেতা-কৰ্মীৰ নামৰ লগতে আত্মীয়ৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে । আপ যুৱ শক্তি অসমৰ ৰাজ্যিক সাংগঠনিক সম্পাদক জি এম ছফি কামালে এ আই ইউ ডি এফত যদিহে ইমান সংখ্যক বেমাৰী কৰ্মী আছে তেন্তে তেওঁলোকক আগতে চিকিৎসা কৰাৰ বাবে আহ্বান জনায় ।

তেওঁ জনীয়াবাসীৰ পৰা আৰ্থিক সাহায্য় সংগ্ৰহ কৰি চিকিৎসাৰ ক্ষেত্ৰত সহযোগ কৰিব বুলিও কয় । ইফালে,উক্ত তালিকাত অন্তৰ্ভুক্ত হিতাধিকাৰী বেমাৰীক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ৰ পৰা চিকিৎসকৰ প্ৰমাণপত্ৰ যোগান ধৰা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি তদন্তৰ দাবী জনায় জি এম ছফি কামালে ।  

লগতে পঢ়ক:AJP road construction: ৰামেশ্বৰ তেলীক প্ৰত্যাহ্বান জনাই হাতে কামে পথ নিৰ্মাণত লাগিল লুৰীণজ্যোতি

ABOUT THE AUTHOR

...view details