Anger against NHAI: মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো বুঢ়া আঙুলি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু যোৰহাট প্ৰশাসনৰ - Anger against NHAI
যোৰহাট, 16 জুন: মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো বুঢ়া আঙুলি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু যোৰহাট প্ৰশাসনৰ ৷ বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকাণ্ড গাঁতত পৰি প্ৰাঞ্জল প্ৰতীম বৰা নামৰ যুৱকজনৰ মৃত্যু হোৱাৰ পিচতো কোনো সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা নাই ফ’ৰলেন কৰ্তৃপক্ষ তথা যোৰহাট জিলা প্ৰশাসনে ৷ এতিয়া এই স্থানত পানীৰে পৰিপূৰ্ণ গাঁতে যিকোনো সময়তে মানুহৰ জীৱনলৈ আনিব পাৰে বিপদ ৷
উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত সংঘটিত হোৱা ঘটনাৰ পিছত কঠোৰ হৈ 48 ঘন্টাৰ ভিতৰত পথৰ সকলো গাঁত পুতিবলৈ কঠোৰ নিৰ্দেশ দিছিল যদিও যোৰহাট জিলাত সেয়া আজিৰ সময়ত বুমেৰাংত পৰিণত হৈছে ৷ কাৰণ বৃহস্পতিবাৰে যোৰহাট অজন্তা বাইপাছত নিৰ্মীয়মান ঘাইপথৰ প্ৰকাণ্ড গাঁতত পৰি মৃত্যুক আঁকোৱালি ল'ব লগা হ’ল যোৰহাট গন্ধীয়া গাঁৱৰ প্ৰাঞ্জল প্ৰতীম বৰাই ৷ গতিকে নিৰাপত্তাৰ স্বাৰ্থত অতি শীঘ্ৰেই এই সমস্যা সমাধান কৰাৰ দাবী জনাইছে ৰাইজে ৷
লগতে পঢ়ক:Deforestation at Dibrugarh:পথ সম্প্ৰসাৰণৰ নামত ২,৫৫৩ জোপা গছৰ আহুতি