অসম

assam

চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়

ETV Bharat / videos

Charaideo Rajapukhuri Civil Hospital : চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত বন্ধ হ'ল অস্ত্ৰোপচাৰ কক্ষ - মেডিকেল কলেজ

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 4:05 PM IST

ডিব্ৰুগড়, 15 ছেপ্টেম্বৰ : জিলাই জিলাই মেডিকেল কলেজ স্থাপন কৰিবলৈ লোৱা ৰাজ্য চৰকাৰে বৰ্তমানে চলি থকা জিলা চিকিৎসালয় সমূহত ৰোগীক সুবিধা প্ৰদানত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ বহু চিকিৎসালয়ত চিকিৎসক নথকাৰ বাবে বন্ধ হৈছে নৈশ চিকিৎসা ব্যৱস্থা ৷ চিকিৎসালয়ত চিকিৎসাৰ বাবে থকা যন্ত্ৰ-পাতি বিকল হোৱাত চৰকাৰী চিকিৎসালয়ৰ সলনি ব্যক্তিগত নাৰ্ছিংহোম সমূহলৈ যাব লগা হৈছে ৰোগী ৷

ৰাজ্যৰ স্বাস্থ্য বিভাগে স্বাস্থ্য খণ্ডৰ আমূল পৰিৱৰ্তনৰ কথা কৈ থকাৰ সময়ত চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে ৷ বিগত কেইবাদিনো ধৰি সোণাৰিৰ ৰজাপুখুৰীস্থিত চৰাইদেউ জিলা চিকিৎসালয়ত চৰম অৰাজক পৰিবেশ দেখা দিছে ৷ চিকিৎসালয়খনৰ অস্ত্ৰোপচাৰ কক্ষৰ এচি বিকল হোৱাৰ ফলত বিগত 30 আগষ্টৰ পৰা বন্ধ হৈ আছে চিকিৎসালয়খনত অস্ত্ৰোপচাৰ ৷  

অস্ত্ৰোপচাৰ বন্ধ হোৱাৰ ফলত বিগত 30 আগষ্টৰ পৰা 23 গৰাকীকৈ প্ৰসূতি ৰোগীক ৰেফাৰ কৰিছে চিকিৎসালয়খনে ৷ এই বিষয়ত চিকিৎসালয়খনৰ অধীক্ষকগৰাকীয়ে গা এৰা মন্তব্য প্ৰদান কৰিছে কৰিছে যদিও ধন অভাৱত এচি সমূহ মেৰামতি কৰিব পৰা নাই বুলি জানিবলৈ দিছে ৷

লগতে পঢ়ক :Scam in Jal Jeevan Mission: নাৰায়ণপুৰত জলজীৱন আঁচনিৰ নিৰ্মাণ কাৰ্যত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details