Protest of casual employees: সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক তথা মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ প্ৰতিবাদ - ৰঙিয়া
Published : Nov 2, 2023, 9:44 AM IST
ৰঙিয়া, 2 নৱেম্বৰ :ৰঙিয়া বৈদ্যুতিক উপ-সংমণ্ডল ১ নং ৰ প্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক আৰু মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ প্ৰতিবাদ । দশক দশক ধৰি অসম চৰকাৰে অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে প্ৰতিবাদকাৰীসকলে । তাৰেই প্ৰতিবাদত বুধবাৰৰ পৰা ৬ দিনীয়াকৈ কৰ্ম বিৰতি পালন কৰে অস্থায়ী কৰ্মচাৰীসকলে ।
অনতিপলমে এই সন্দৰ্ভত যদি চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অহা ১৫ নৱেম্বৰৰ পৰা অনিৰ্দিষ্টকাললৈ কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে । উল্লেখ্য যে, বিদ্যুৎ বিভাগৰ অধিকাংশ অস্থায়ী কৰ্মচাৰীয়ে লাভ নকৰে মাহিলী দৰমহা । একাংই মাহিলী দৰমহা লাভ কৰে যদিও অতি নিম্নমানৰ দৰমহা লাভ কৰি পৰিয়াল চলোৱাটো কষ্টকৰ হৈ পৰিছে বুলি দুখ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে ।
লগতে পঢ়ক :Super Fifty Special Event:ৰঙিয়াত চুপাৰ ফিফটিৰ বিশেষ অনুষ্ঠান