অসম

assam

প্ৰতিবাদী কাৰ্যসূচী

ETV Bharat / videos

বিচাৰিছিল বেতন সুৰক্ষাসহ নিয়মীয়া চাকৰি, পালে নতুন নিযুক্তিৰ প্ৰস্তাৱ - দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 4:26 PM IST

গোলাঘাট, 22 নৱেম্বৰ : বুধবাৰৰ দিনটোত সমগ্ৰ অসমতে টেট উত্তীৰ্ণ শিক্ষক সমাজে ৰূপায়ণ কৰিছে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ শেহতীয়াকৈ চৰকাৰে আগবঢ়োৱা নতুন নিযুক্তি প্ৰক্ৰিয়াৰ বিৰোধিতাৰে আজি শিক্ষক সমাজ ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ ৷ এয়া গোলাঘাটত সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজে কৰা প্ৰতিবাদৰ দৃশ্য ৷

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ঠিকাভিত্তিক টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি নতুনকৈ নিযুক্তি দিয়াৰ বিৰুদ্ধে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বানত গোলাঘাটৰ পূৱ শিক্ষা খণ্ড সমিতিৰ অন্তৰ্গত টেট উত্তীৰ্ণ শিক্ষক সমাজে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । আজি গোলাঘাটৰ ঠিকাভিত্তিক টেট উত্তীৰ্ণ শিক্ষকসকলৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ কৰাৰ দাবীত খণ্ড প্ৰথমিক শিক্ষা বিষয়া আৰু খণ্ড মিছন সমন্বয়কৰ কাৰ্যালয়ৰ সন্মুখত টেট উত্তীৰ্ণ শিক্ষকসকলে ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি শিক্ষা বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷ প্ৰতিবাদকাৰীয়ে অতি সোনকালে টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ নকৰিলে পৰৱৰ্তী সময়ত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ মত ব্যক্ত কৰে ৷

লগতে পঢ়ক :শিৱসাগৰত বেতন বৃদ্ধি, চাকৰি নিয়মীয়াকৰণৰ দাবীত টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details