অসম

assam

সদৌ অসম প্ৰাথমিক শিক্ষক সন্থা

ETV Bharat / videos

Shiksha Setu aap: টেবলেট ওভতাই দিয়াৰ আহ্বানৰ বিৰোধিতা প্ৰাথমিক শিক্ষক সন্থাৰ - টেবলেট ওভতাই দিয়াৰ আহ্বানৰ বিৰোধিতা

By

Published : May 15, 2023, 6:19 PM IST

শিৱসাগৰ, ১৫ মে':অসম চৰকাৰে নতুনকৈ প্ৰযোজ্য কৰা শিক্ষা সেতু অসম নামৰ প'ৰ্টেলটোৰ বাবে প্ৰধান শিক্ষকসকলক যি টেবলেট যোগান ধৰিছে আৰু টেবলেটৰ যোগেদি চৰকাৰে প্ৰধান শিক্ষকসকলক কৰণীয় কাম দিছে সেইসমূহ কৰিবলৈ শিক্ষকসকল সাজু । এটা শিক্ষক সংগঠনে দাবী পূৰণ নকৰিলে চৰকাৰে যোগান ধৰা টেবলেটসমূহ ২০ মে'ৰ ভিতৰত ওভতাই দিয়াৰ আহ্বানৰ বিৰোধিতা কৰিছে সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাই (All Assam Primary Teachers Association)। সোমবাৰে শিৱসাগৰত আয়োজিত এক সংবাদমেলত সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাই এই আহ্বান জনাইছে ।

সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি টুটু বৰঠাকুৰে টেবলেট ব্যৱহাৰ কৰিবলৈ যি প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে সেই প্ৰশিক্ষণ ল'বলৈ শিক্ষক সমাজক আহ্বান জনাইছে (Press Meet of All Assam Primary Teachers Association) । ইপিনে, চৰকাৰে ১৫০ গৰাকীতকৈ কম ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ মৰ্যাদা নিদিয়া বিষয়টোত ক্ষোভ প্ৰকাশ সংগঠনটোৰ সভাপতি টুটু বৰঠাকুৰে । তেওঁ কয় যে ১৫০তকৈ কম থকা ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়সমূহ বন্ধ কৰক ।

লগতে পঢ়ক:AAP protest Guwahati: ধৰ্ষণৰ অভিযুক্ত বিজেপি নেতা সমুদ্ৰ ৰায়ক গ্ৰেপ্তাৰৰ দাবীত গুৱাহাটীত আপৰ প্ৰতিবাদ 

ABOUT THE AUTHOR

...view details