অসম

assam

সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা খিলঞ্জীয়াৰ যোৰহাট জিলা সমিতি গঠন

ETV Bharat / videos

Session of AAMSUK at teok: সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা খিলঞ্জীয়াৰ যোৰহাট জিলা সমিতিৰ অধিবেশন - All Assam Minority Students

By

Published : Feb 27, 2023, 2:25 PM IST

টীয়ক, ২৭ ফেব্ৰুৱাৰী:সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা খিলঞ্জীয়াৰ যোৰহাট জিলা সমিতিৰ অধিবেশনখনি দেওবাৰে কাকজান কৃষ্টি কেন্দ্ৰত অনুষ্ঠিত হয় (All Assam Minority Students Union Khilanjia Session)। এই অধিবেশনৰ সৈতে সংগতি ৰাখি পুৱা পতাকা উত্তোলন কৰা হয় । সংগঠনটোৰ নেতাসকলে এই পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ইয়াৰ পিছতেই শ্বহীদ তৰ্পণ কৰে বিশিষ্ট ব্য়ক্তিয়ে । এই অধিবেশনত যোৰহাট জিলা সমিতিখনো নতুনকৈ গঠন কৰা হয় । 

ইয়াৰ সৈতে সংগতি ৰাখি আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাত শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । শ্বহীদ তৰ্পণৰ পিছত বিভিন্ন কাৰ্যসূচী সমাপন কৰা হয় (All Assam Minority Students Union Khilanjia Session at Kakajan)। ইয়াৰ পিছতে অনুষ্ঠিত হয় প্ৰতিনিধি সভা । প্ৰতিনিধি সভাৰ পাছতে আৰিফ আহমেদৰ সভাপতিত্বত আয়োজিত মুকলি সভাত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ খিলঞ্জীয়াৰ সভাপতি ইজাজ হুছেইন, আটাছুৰ কেন্দ্ৰীয় সমিতিৰ কুমুদ গগৈ, বীৰ লাচিত সেনা অসমৰ মুখপাত্ৰ সিদ্ধাৰ্থ বৰুৱা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলাৰ সভাপতি বাবু দত্ত, পূব যোৰহাট প্ৰেছ  ক্লাৱৰ সভাপতি ৰাম প্ৰসাদ ফুকন, টীয়ক প্ৰেছ ক্লাৱৰ সম্পাদক দিগন্ত হাজৰিকা, উপদেষ্টা ৰিজু কুমাৰ শইকীয়া,অজিত বৰদলৈ, ৰূপক ৰঞ্জন শইকীয়াকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে (Asom Jatiyatabadi Yuba Chatra Parishad)।

উল্লেখযোগ্য যে, সংখ্যালঘুসকলৰ শিক্ষা, ৰাজনৈতিক অধিকাৰ আদি সকলো ক্ষেত্ৰতে সম অধিকাৰ প্ৰদানৰ দাবী জনাইছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ খিলঞ্জীয়াই । বিশেষকৈ জোলা আৰু গৰিয়াসকলৰ মাজত থকা ডি ভোটাৰৰ সমস্যা আদি বিষয়বোৰ সমাধানৰ বাবে এই সংগঠনে কাম কৰাৰ লক্ষ্য় বান্ধি লৈছে । এই  লক্ষ্য আগত ৰাখিয়ে ইতিমধ্যে উজনি অসমৰ বিভিন্ন জিলাত জিলা সমিতিসমূহ গঠন কৰা হৈছে । অনাগত দিনত নামনি অসমতো এইদৰে সমিতি গঠন কৰি খিলঞ্জীয়াৰ সকলো সমস্যা সমাধান তথা অধিকাৰৰ ক্ষেত্ৰত মাত মাতি যোৱাৰ সংকল্প গ্ৰহণ কৰা বুলি কয় সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ খিলঞ্জীয়াৰ সভাপতি ইজাজ হুছেইন । ইপিনে, এই সভাতে জিলাৰ সভাপতি হিচাপে আব্দুল হাকিমক আৰু আৰিফ আহমেদক সম্পাদক হিচাপে লৈ এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয় ।

লগতে পঢ়ক:Holi 2023: কেনেকৈ হাত, মুখ তথা সমগ্ৰ শৰীৰৰ পৰা হোলীৰ ৰং আঁতৰাব পাৰি, জানি লওক কেইটামান সহজ উপায়

ABOUT THE AUTHOR

...view details