Liquor price Hike: সুৰাৰ দাম বৃদ্ধি হ’লেও, সুৰাপায়ীয়ে সেৱন কৰিবই; পৰিমল শুক্লবৈদ্য - Assam excise minister
নলবাৰী, ১ আগষ্ট:কৰ আদায় নিদিয়া বাহনৰ গৰাকীৰ বিৰুদ্ধে কঠোৰ আৰু ধাৰাবাহিকভাৱে অভিযান চলাব পৰিবহন বিভাগে ৷ নলবাৰীত উপস্থিত হৈ এই মন্তব্য বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ৷ উল্লেখ্য যে কৰ অনাদায় বাহনৰ গৰাকীৰ বিৰুদ্ধে পৰিবহন বিভাগে অব্যাহত ৰাখিছে ব্যাপক অভিযান ৷
ৰাজ্যত সুৰাৰ দাম বৃদ্ধি সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰী শুক্লবৈদ্যই ৷ সুৰাৰ দাম বৃদ্ধি হোৱাটো ৰাইজেই বিচাৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘‘সুৰা স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক ৷ মদ খোৱা সকলে মূল্যবৃদ্ধিৰ হ’লেও খাব ৷’’ অৰুণাচলী সুৰাৰ ব্যৱসায় কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰী কৰি সুৰাৰ অবৈধ বেহা চলোৱাসকলক কেতিয়াও সাৰি নাযায় বুলি তেওঁ মন্তব্য কৰে ৷
ইফালে, মঙলদৈত বজৰং দলৰ বন্দুক প্ৰশিক্ষণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কথাত একমত বুলি উল্লেখ কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷