অসম

assam

বিজেপিয়ে কোচ ৰাজবংশী জনগোষ্ঠীক বিশ্বাসঘাতকতা কৰিলে

ETV Bharat / videos

AKRSU in Bongaigaon:বিজেপিয়ে কোচ ৰাজবংশী জনগোষ্ঠীক বিশ্বাসঘাতকতা কৰিলে !

By

Published : Jul 4, 2023, 7:12 PM IST

বঙাইগাঁও,4 জুলাই: পুনৰ স্তব্ধ হ’ব নেকি কমতাপুৰ ! কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবীসমূহক চৰকাৰে উপেক্ষিত কৰা বিৰুদ্ধে এইবাৰ আন্দোলনৰ ঘোষণা কৰিছে কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে ৷ মঙলবাৰে সংবাদমেলৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ হুংকাৰ দিলে আক্ৰাছুৱে ৷

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ জৰিয়তে কোচ ৰাজবংশী জনগোষ্ঠীক ৰাজনৈতিকভাৱে নিঃশেষ কৰিব বিচৰাৰ অভিযোগেৰে সংবাদমেলত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল আক্ৰাছুৰ নেতাসকল ৷ ‘‘ বিজেপিৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছিল, আমাৰ জনগোষ্ঠীটোক জনজাতিৰ মৰ্যদা প্ৰদান কৰিব বুলি ৷ আমি দুখ পাইছো ৷ কোচ ৰাজবংশী জনগোষ্ঠীক বিশ্বাসঘাতকতা কৰিলে ৷ আমি তেওঁলোকক বিভিন্ন প্ৰকাৰেৰে সহযোগ কৰিছিলো, কিন্তু এতিয়া তেওঁলোকে কোচ ৰাজবংশী জনগোষ্ঠীৰ নামে শুনিব নিবিচাৰে ৷ ইমান দিনে তেওঁলোকে কমতাপুৰৰ সন্দৰ্ভত একো চিন্তা কৰা নেদেখিলো ৷ আগন্তুক নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতি মৰ্যদা প্ৰদান নকৰিলে বিজেপিয়ে বুজিব কোচ ৰাজবংশীক প্ৰতাৰনা কৰাৰ পৰিণাম ৷ আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে কোচ ৰাজবংশী জনগোষ্ঠীক ৰাজনৈতিক ভাবে নিঃশেষ কৰিব বিচাৰিছে ৷ ’’ এই হুংকাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ৷

লগতে পঢ়ক:Constituency delimitation: চতিয়াত অসম আন্দোলনৰ সতীৰ্থ মঞ্চৰ সভা

ABOUT THE AUTHOR

...view details