অসম

assam

Mughal Empire controversy: মোগলক কেতিয়াও অসমীয়া জাতিয়ে ক্ষমা কৰিব নোৱাৰে: অখিল গগৈ

By

Published : Apr 5, 2023, 12:56 PM IST

মোগল বিতৰ্কত অখিলৰ মন্তব্য

গুৱাহাটী, 5 এপ্ৰিল : পাঠ্যপুথিৰ পৰা মোগলৰ ইতিহাস আঁতৰ‍াই দিয়া সন্দৰ্ভত বুধবাৰে পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে (Akhil Gogoi reacts on exclusion of mughal empire) । বিশেষকৈ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে তাজমহল আৰু কুতুবমিনাৰ ভাঙি তাৰ ঠাইত মন্দিৰ নিৰ্মাণ কৰিব লাগে বুলি কৰা মন্তব্যৰ বিধায়ক অখিল গগৈয়ে প্ৰত্যুত্তৰ দিয়ে (Mughal History controversy) । অসম বিধানসভাৰ বাজেট অধিৱেশনৰ বুধবাৰে সংবাদ মাধ্যমৰ আগত বিধায়ক অখিল গগৈয়ে কয় যে ৰূপজ্যোতি কুৰ্মীৰ কথাক গুৰুত্ব দিয়াৰ কোনো প্ৰয়োজন নাই । ৰূপজ্যোতি কুৰ্মীয়ে নিজৰ সুবিধাৰ বাবে নাইবা উন্মাদনাৰ বাবে তেনেদৰে কোৱা বুলি সদৰী কৰি তেওঁ কয় যে ৰূপজ্যোতি কুৰ্মীৰ কোনো কথাৰ উত্তৰ দিয়াটো তেওঁ প্ৰয়োজনীয় বুলি নাভাবে । 

পাঠ্যপুথিৰ পৰা মোগলৰ ইতিহাস আঁতৰ কৰা সন্দৰ্ভত তেওঁ কয় যে চৰকাৰে পাঠ্যপুথিৰ পৰা কিছুমান পৃষ্ঠা আঁতৰাই ইতিহাসৰ পুনৰ লিখন কৰিব বিচাৰিছে । পৃথিৱীৰ কোনো শাসকে ইতিহাস সলনি কৰি দিব নোৱাৰে বুলি সদৰী কৰি তেওঁ কয় যে বৰং ইতিহাসেহে তেওঁলোকক সলনি কৰি দিব পাৰে । তেওঁ কয় যে মোগলৰ ইতিহাস আঁতৰাই দিবলৈ গৈ অসমৰ বীৰত্বৰ ইতিহাস বিজেপি চৰকাৰে লুকুৱাই দিব বিচাৰিছে নেকি (exclusion of mughal empire from NCERT syllabus) ! লাচিত বৰফুকনৰ বীৰত্বৰ প্ৰতি চৰকাৰৰ সন্মান এয়াই নেকি ? মোগলে ১৭ বাৰ অসম আক্ৰমণ কৰিছিল । নৰিয়া গাৰে লাচিত বৰফুকনে মোগলক প্ৰতিহত কৰিছিল । মোগলে অসমৰ ১০ হাজাৰ সৈনিক হত্যা কৰিছিল । মোগলৰ চৰিত্র নিশ্চয়ভাৱে ইতিহাসত থাকিব লাগিব । মোগলক কেতিয়াও অসমীয়া জাতিয়ে ক্ষমা কৰিব নোৱাৰে (exclusion of mughal empire controversy)। ইতিহাস সলনি কৰিব বিচাৰিলে ইতিহাসে শিক্ষা দিব বুলি তেওঁ বিজেপি চৰকাৰক সকিয়াই দিয়ে ।

লগতে পঢ়ক :Mughal History controversy: মোগলৰ ইতিহাস থাকিব নালাগে: দিগন্ত কলিতা

ABOUT THE AUTHOR

...view details