অসম

assam

শৃংখল চলিহাক শীঘ্ৰে মুক্তি দিয়াৰ দাবী অখিল গগৈৰ

By

Published : May 3, 2023, 8:54 PM IST

ETV Bharat / videos

Srinkhal Chaliha arrested: শৃংখল চলিহাক শীঘ্ৰে মুক্তি দিয়াৰ দাবী অখিল গগৈৰ

শিৱসাগৰ, ৩ মে':আকৌ গ্ৰেপ্তাৰ শৃংখল চলিহা । মুকলি আকাশৰ তললৈ অহাৰ পূৰ্বে পুনৰ জেললৈ শৃংখল (Srinkhal Chaliha arrested) । চান্দাৰ নামত শিৱসাগৰৰ এগৰাকী ব্যৱসায়ীক ধন দাবী কৰাৰ গোচৰত মঙলবাৰে গ্ৰেপ্তাৰ হৈছিল চলিহা । মঙলবাৰে শিৱসাগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে শৃংখল চলিহাৰ জামিন মঞ্জুৰ কৰাৰ পাচতে বুধবাৰে ছাত্ৰ নেতা গৰাকীক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছিল ।  

শিৱসাগৰ বৰপুখুৰী পাৰৰ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পাচতেই শিৱসাগৰ আৰক্ষীয়ে ছাত্ৰ নেতা গৰাকীক পুনৰ গ্ৰেপ্তাৰ কৰি কাৰাগাৰালৈ প্ৰেৰণ কৰে । কাৰাগাৰৰ পৰা বাহিৰ হ'বলৈ নিদি নেতাগৰাকীক শিৱসাগৰ আৰক্ষীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ (National Security Act) অধীনত এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে । ইয়াৰ পাচতেই সৰৱ পৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Akhil Gogoi react on Srinkhal Chaliha issue) ।  

কোনো কাৰণতে শৃংখল চলিহাক NSA লগাই গ্ৰেপ্তাৰ কৰাটো গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি শীঘ্ৰেই নেতাগৰাকীক মোকলাই দিবলৈ আহ্বান জনায় । ইফালে ছাত্ৰনেতা গৰাকীক শীঘ্ৰে মোকলাই নিদিলে লাচিত সেনাই কি কাৰ্যসূচী গ্ৰহণ কৰিব সেই সন্দৰ্ভত সংগঠনটোৰ এখন গোপন বৈঠক অনুষ্ঠিত হোৱা বুলি জানিবলৈ দিয়ে লাচিত সেনাৰ মুখপাত্ৰ সিদ্ধাৰ্থ বৰুৱাই (Bir lachit sena demand to release Srinkhal Chaliha) । 

লগতে পঢ়ক:JYB PC in Guwahati: ১১৯২ পদৰ বাবে ১১২১ প্ৰাৰ্থীয়ে অভাৰলেপিং কৰিছে; জাতীয় যুৱ বাহিনী

ABOUT THE AUTHOR

...view details