অসম

assam

সুৰাৰ দোকানৰ পৰিৱৰ্তে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহ পুনৰুজ্জীৱিত কৰিবলৈ দাবী AJYCP ৰ

ETV Bharat / videos

AJYCP visit Program: সুৰাৰ দোকানৰ পৰিৱৰ্তে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহ পুনৰুজ্জীৱিত কৰিবলৈ দাবী AJYCP ৰ

By

Published : Jun 26, 2023, 4:49 PM IST

ধেমাজি, 26 জুন : ৰাজ্যজুৰি মাধ্যম বিতৰ্ক অব্যাহত থকাৰ মাজতেই চৰকাৰী মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ৰসমূহৰ সমস্যা বুজ লোৱাৰ উদ্দেশ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে ৰাজ্যজুৰি জিলা সমিতিৰ সদস্যসমূহক আহ্বান জনাইছে ৷ এই আহ্বান মৰ্মে ধেমাজি সদৰতো জিলা সমিতিৰ উদ্যোগত আজি অৰ্থাৎ 26 জুনৰ পৰা 30 জুনলৈ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ বিদ্যালৰ শৈক্ষিক পৰিৱেশ বুজ লোৱা উদ্দেশ্যে অভিযান আৰম্ভ কৰিছে ৷ 

সংগঠনটোৰ জিলা সমিতিৰ এটা সঁজাতী দলে আজি প্ৰথমে ধেমাজি 1 নং ৱাৰ্ডৰ বৰপাটৰীয়া প্ৰাথমিক বিদ্যালয় আৰু কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক গোট আৰু পৰিচালনা সমিতিক লগ কৰি বিদ্যালয় শৈক্ষিক পৰিৱেশ আৰু সমস্যা বুজ লয় ৷ ইয়াৰ পিচতে অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ আন্তগাঁথনি , শৈক্ষিক পৰিৱেশ আৰু ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকৰ সমস্যাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে সংগঠনটোৰ নেতাদ্বয়ে ৷ 

তদুপৰি শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষক সমাজক লৈ কৰা  বিতৰ্কিত মন্তব্যকো ধিক্কাৰ দিয়ে দলটোৱে ৷ সঁজাতী দলটোত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক বিঞ্চু শৰ্মা, ধেমাজি জিলা সমিতি সাধাৰণ সম্পাদক হিতেশ বাইলুংসহ আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে ৷

লগতে পঢ়ক:মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজকে সম্ৰাট বুলি ভাবিবলৈ আৰম্ভ কৰিছে; অখিল গগৈৰ কটাক্ষ

ABOUT THE AUTHOR

...view details