Assam Electricity Crisis: নলবাৰীত অনিয়মীয়া বিদ্যুৎ সেৱা আৰু ঠিকাদাৰৰ নিম্নমানৰ কামৰ বিৰুদ্ধে স্মাৰকপত্ৰ
Published : Sep 20, 2023, 5:18 PM IST
নলবাৰী, ২০ ছেপ্টেম্বৰ:নলবাৰীৰ মুকালমুৱাত অনিয়মিত বিদ্যুৎ সেৱা আৰু ঠিকাদাৰৰ নিম্নমানৰ কামৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে এখন স্মাৰক পত্ৰ প্ৰদান কৰে । বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে অসম চৰকাৰলৈ এই স্মাৰকপত্ৰ প্ৰেৰণ কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে ।
উল্লেখ্য যে, মুকালমুৱাৰ বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ অধীনৰ গ্ৰাহকসকলক অনিয়মীয়া বিদ্যুৎ সেৱা যোগান ধৰি অহাৰ অভিযোগ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে । লগতে অঞ্চলটোত প্ৰায়ে লোডশ্বেডিং হৈ থকাৰ লগতে শূন্য প্ৰায় ভল্টেজৰ বাবে গ্ৰাহকসকলে জীয়াতু ভূগিবলগীয়া হৈছে । তাৰ সমান্তৰালকৈ ঠিকাদাৰৰ নিম্নমানৰ কামৰ বাবে প্ৰায়ে বিদ্যুতৰ খুঁটা ভাঙি পৰা, মেইন লাইনৰ তাঁৰ চিঙি যোৱা আদি ঘটনা সঘনাই অঞ্চলটোত সংঘটিত হৈ থকাৰ অভিযোগ কৰে পৰিষদৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে ।
এই সকলোবোৰ অভিযোগ আগন্তুক ৭ দিনৰ ভিতৰত সমাধান কৰাৰ দাবীত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে অসম চৰকাৰলৈ এই স্মাৰকপত্ৰখন প্ৰেৰণ কৰে ।