অসম

assam

চালানী মাছৰ বিক্ৰীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

ETV Bharat / videos

Formaldehyde Fish: ফৰ্মেলিনযুক্ত চালানী মাছৰ বিৰুদ্ধে অভিযান চলাব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে - Formaldehyde Fish

By

Published : Jun 3, 2023, 4:59 PM IST

নগাঁও, 3 জুন: চালানী মাছৰ বিৰুদ্ধে অভিযান চলাব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ নগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ গৱেষণাত চালানী মাছত বিষাক্ত ফৰ্মেলিনৰ অৱস্থিতি পোহৰলৈ অহাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগ, মীন মহাবিদ্যালয় আৰু খাদ্য সুৰক্ষা বিভাগৰ যুটীয়া গৱেষণাতো পোৱা গৈছে চালানী মাছত ফৰ্মেলিনৰ অৱস্থিতি (AJYCP Reacts over Formaldehyde Chalani Fish) ৷  

কিন্তু চালানী মাছত ফৰ্মেলিনৰ অৱস্থিতি পোহৰলৈ অহাৰ পিছতো বজাৰত নিৰ্বিঘ্নে অব্যাহত আছে চালানী মাছৰ বিক্ৰী ৷ বজাৰত চালানী মাছৰ বিক্ৰীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (Formaldehyde Chalani Fish in Nagaon) ৷ 

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বণিয়াই ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰত চালানী মাছ বিক্ৰী এতিয়াও নিষিদ্ধ নকৰাক লৈ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে (Formaldehyde Fish) ৷ অতি শীঘ্ৰেই চালানী মাছৰ বিক্ৰী বন্ধ নকৰিলে ৰাইজৰ সহযোগত বজাৰত বিক্ৰী হৈ থকা চালানী মাছ নলাত দলিয়াই দিয়াৰ হুংকাৰ দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতিগৰাকীয়ে (Asom Jatiyatabadi Yuva Chatra Parishad) ৷

লগতে পঢ়ক:Heat waves hit Assam: লাহৰীঘাটত প্ৰচণ্ড গৰমত ঢলি পৰিল ছাত্ৰী

ABOUT THE AUTHOR

...view details