অসম

assam

জয়ৰামপুৰত অৰুণাচলী দুৰ্বৃত্তৰ গুলিচালনা

ETV Bharat / videos

Protest in Lakhimpur:জয়ৰামপুৰৰ গুলিচালনাৰ ঘটনাৰ প্ৰতিবাদত উত্তাল লখিমপুৰ - Arunachali miscreants attacked in Dhemaji

By

Published : Jun 5, 2023, 8:15 PM IST

লখিমপুৰ, ৫ জুন: সোমবাৰে ধেমাজি জিলাৰ অৰুণাচল সীমান্তৱৰ্তী জয়ৰামপুৰত অৰুণাচলী দুৰ্বৃত্তই গুলিচালনা কৰি অসমৰ দুজনকৈ লোকক নিহত কৰাৰ লগতে আন দুজনক আহত কৰে (Arunachali miscreants attacked in Dhemaji)। ইতিমধ্যে এই ঘটনাই সমগ্র ৰাজ্যক জোকাৰি গৈছে । সীমান্তবাসী অসমীয়াক নিৰাপত্তা দিব নোৱাৰা বুলি চৰকাৰক গৰিহণা দিছে বিভিন্ন দল -সংগঠনে । লখিমপুৰত বিয়লি অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে মুখ্যমন্ত্রীৰ পুত্তলিকা দাহ কৰি অসম চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদ জনায় (AJYCP protest in Lakhimpur)।  

লখিমপুৰ নগৰৰ মাজ মজিয়াত পুত্তলিকা দাহ কৰি প্ৰতিবাদকাৰীসকলে কয় যে দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে কেইবালানি আলোচনা অনুষ্ঠিত কৰাৰ উপৰিও চুক্তি স্বাক্ষৰ পৰ্যন্ত কৰা হ'ল যদিও বিশেষকৈ লখিমপুৰ ধেমাজিত এই পৰ্যন্ত একো ফল নধৰিলে । বৰং পূৰ্বতকৈ বেয়াহে হ'ল সীমান্তৰ পৰিস্থিতি। এই ঘটনাই অসম চৰকাৰৰ দুৰ্বলতা,ব্যৰ্থতা প্ৰকট কৰিছে বুলি ক্ষোভ প্রকাশ কৰিছে জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে ।  

দীৰ্ঘদিন ধৰি সীমা বিবাদক লৈ চলি থকা এই অঞ্চলটোত বৰ্বৰভাৱে অৰুণাচলীয়ে সংঘটিত কৰা ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ সোমবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে দাবী জনায় ।  

লগতে পঢ়ক:World Environment day 2023:বিশ্ব পৰিৱেশ দিৱসত বাটৰ নাট প্ৰদৰ্শন

ABOUT THE AUTHOR

...view details