অসম

assam

অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণ

ETV Bharat / videos

Protest in Dhemaji:পানবাৰীৰ ঘটনাৰ দোষীক কৰায়ত্ব কৰিবলৈ দাবী এজেৱাইচিপিৰ - Arunachali miscreants attacked in Dhemaji

By

Published : Jun 5, 2023, 8:05 PM IST

জোনাই,৫ জুন: অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ধেমাজি জিলাৰ বৰদলনিৰ জয়ৰামপুৰৰ পানবাৰীত সোমবাৰে অৰুণাচলী দুৰ্বৃত্তই চলোৱা আক্ৰমণত বৰদলনিৰ বৰবিলা চুতীয়াকাৰী গাঁৱৰ বগা চুতীয়া আৰু মিলনপুৰ গাঁৱৰ মিন্টু গগৈৰ মৃত্যু হোৱাৰ লগতে পুষ্প গগৈ আৰু অকণি গগৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় (Arunachali miscreants attacked in Dhemaji)। দীৰ্ঘদিন ধৰি সীমা বিবাদক লৈ চলি থকা এই অঞ্চলটোত বৰ্বৰভাৱে অৰুণাচলীয়ে সংঘটিত কৰা ঘটনাক তীব্ৰ গৰিহণা দি দোষীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ সোমবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে দাবী জনায় (AJYCP protest in Dhemaji) ।  

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাতুল বৰগোহাঞি, ধেমাজি জিলা সভাপতি জ্ঞান শৰ্মা, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি মৃদুপৱন সোণোৱাল, সাধাৰণ সম্পাদক চন্দন কছাৰী,কেন্দ্ৰীয় উপ সভাপতি ৰাজু সোণোৱাল, সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, ধেমাজি জিলা সমিতিৰ সভাপতি ৰাতিৰাম বসুমতাৰী, সাধাৰণ সম্পাদক অশোক দৈমাৰী, সোণোৱাল কছাৰী জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি ডেকাবৰুৱা, উপদেষ্টা তোলন সোণোৱালে  সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজৰ জীৱন-সম্পত্তিৰ  সুৰক্ষা প্ৰদান কৰিবলৈ দাবী জনায় ।

ইপিনে, উক্ত ঘটনাৰ বিৰূদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোনাই আৰু চিমেন চাপৰি আঞ্চলিক সমিতিয়ে চিমেন চাপৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ,জুমুঠি জ্বলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

লগতে পঢ়ক:BJP Yuva Morcha executive meeting: লোকসভা নিৰ্বাচনক লৈ তৎপৰ বিজেপি যুৱ মৰ্চা

ABOUT THE AUTHOR

...view details