অসম

assam

মহানগৰীত জ্বলিল শিক্ষা মন্ত্ৰীৰ লগতে ছেবাৰ অধ্য়ক্ষৰ পুত্তলিকা

ETV Bharat / videos

Protest in Guwahati: ছেবাৰ বিৰুদ্ধে প্ৰতিবাদেৰে মহানগৰী কঁপালে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে - AJYCP Protest at Guwahati

By

Published : Mar 14, 2023, 8:08 PM IST

গুৱাহাটী, ১৪ মাৰ্চ:ৰাজ্যজুৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে গুৱাহাটী মহানগৰীত জ্বলিল শিক্ষা মন্ত্ৰীৰ লগতে ছেবাৰ অধ্য়ক্ষৰ জুমুঠি (HSLC Science paper leak) ৷ মঙলবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (AJYCP Protest at Guwahati) ৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে ছেবাৰ অধ্যক্ষৰ জুমুঠি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মহানগৰ সমিতিয়ে চানমাৰিৰ কাৰ্যালয়ৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই (AJYCP protest at Chandmari)। প্ৰতিবাদকাৰীসকলে ৰমেশ জৈন হায় হায়, শিক্ষা মন্ত্ৰী হায় হায়, ছেবা হায় হায়, ৰণোজ পেগুৱে পদত্যাগ কৰক আদি শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই ঘটনাটোৰ চিবিআইৰ তদন্তৰ দাবী জনাইছে ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মহানগৰ সমিতিৰ সাধাৰণ সম্পাদক সুকুমাৰ বৰ্মনে প্ৰতিবাদ সাব্যস্ত কৰি কয় যে, ছেবাই বছৰত এটা পৰীক্ষা অনুষ্ঠিত কৰে । তাকো ভালকৈ কৰিব নোৱাৰে । প্ৰতি বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিসংগতি কৰি আহিছে । কাৰ আশীৰ্বাদত ছেবাৰ অধ্যক্ষই অৱসৰৰ পিছতো অধ্যক্ষৰ আসন দখল কৰি আছে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে । ডাঃ ৰণোজ পেগুক তেওঁ পুতলা শিক্ষামন্ত্ৰী আখ্যা দি তীব্ৰ সমালোচনা কৰে । ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাক তদন্তৰ আওতালৈ আনিবলৈ তেওঁ দাবী জনায় ।

লগতে পঢ়ক:Collagen deficiency skin: শৰীৰত এই সমূহ উপাদানৰ অভাৱ হ’লে বয়সৰ পূৰ্বে বৃদ্ধ দেখা যাব পাৰে আপোনাক

ABOUT THE AUTHOR

...view details