অসম

assam

ৰহাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ETV Bharat / videos

AJYCP protest against price hike: মূল্যবৃদ্ধি বিৰোধী শ্লোগানেৰে উত্তাল ৰহা - Price hike in Assam

By

Published : Apr 3, 2023, 6:31 PM IST

ৰহা,৩ এপ্ৰিল:ৰাজ্য়ত বৃদ্ধি পাইছে নিত্য ব্যৱহাৰ্য সামগ্ৰী, টোল কৰ, বিদ্যুত মাচুল,ঔষধ, পেট্ৰ’ল-ডিজেল আদিৰ মূল্য (Price hike of Essential Commodities) ৷  টোল কৰ বৃদ্ধি, জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধি আৰু পৌৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে ৰহাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ । ৰহাৰ টোলগেটত সোমবাৰে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ জনায় ।

 এজেৱাইচিপিৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু ৰহা আঞ্চলিক সমিতিৰ সহযোগত ৰহা টোল গেটত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰে (Price hike in Assam) । প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ, মূল্যবৃদ্ধি প্ৰত্যাহাৰ কৰক' আদি  প্ৰতিবাদী শ্ল'গানেৰে উত্তাল কৰে ৰহাৰ টোলগেট ।    

বানপানী আদি প্ৰাকৃতিক দুৰ্যোগে জুৰুলা কৰা ৰাইজক মূল্যবৃদ্ধিয়ে অধিক কোঙা কৰিছে আৰু চৰকাৰে দৰিদ্ৰ জনতাৰ মূৰত মাধমাৰ শোধাইছে বুলি অভিযোগ তুলি এজেৱাইচিপিয়ে শীঘ্ৰে এই মূল্যবৃদ্ধি বাতিল কৰিবলৈ চৰকাৰক দাবী জনায় (AJYCP protest in Raha)। অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত এজেৱাইচিপিয়ে প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:NMACC photos: কোটি কোটি টকা খৰচৰে নিৰ্মিত নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰৰ ফটো দেখিলে আচৰিত হ’ব আপুনি

ABOUT THE AUTHOR

...view details