অসম

assam

অভিনেতা জয়ন্ত দাসলৈ শ্ৰদ্ধাঞ্জলি

ETV Bharat / videos

প্ৰয়াত অভিনেতা জয়ন্ত দাসলৈ শ্ৰদ্ধাঞ্জলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 1:55 PM IST

নলবাৰী: ১৮ ডিচেম্বৰ: আনক হহুৱাই ভাল পোৱা সুদক্ষ অভিনেতা জয়ন্ত দাসে সকলোকে কন্দুৱাই গুচি গ'ল অজান দেশলৈ । সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীতো এইগৰাকী অভিনেতালৈ শ্ৰূদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । বিশিষ্ট অভিনেতা,সকলোকে অভিনয়ৰে মুগ্ধ কৰিবলৈ সক্ষম হোৱা ১৯৬২ চনৰ ৮ জুনত জন্ম গ্ৰহণ কৰা জয়ন্ত দাসৰ যোৱা ১৬ ডিচেম্বৰত পৰোলোকপ্ৰাপ্তি ঘটে । অভিনেতাগৰাকীৰ মৃত্যুত সাংস্কৃতিক জগতখনৰ বহুতো ক্ষতিসাধন হয় । এইগৰাকী সুদক্ষ অভিনেতালৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে নলবাৰী চহৰত শ্ৰূদ্ধাঞ্জলি জ্ঞাপন কৰে ।

যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক যোগেশ কলিতাই আঁতধৰা সভাখনত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মনোৰম কলিতা,যুৱ ছাত্ৰ পৰিষদ নলবাৰী চহৰ সমিতিৰ সভাপতি নয়ন শৰ্মাকে প্ৰমুখ্য কৰি সংগঠনটোৰ বিষয়ববীয়াসকল । আনহাতে, জয়ন্ত দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পন কৰে জ্যেষ্ঠ সাংবাদিক ব্ৰজেন তালুকদাৰ, অ'বিবি নলবাৰী জিলা শিক্ষক সন্থাৰ সম্পাদক কমল দাস ,জ্যেষ্ঠ সাংবাদিক বজৰংগ খেমতা,যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সতীৰ্থ পংকজলোচন শৰ্মাই ।

লগতে পঢ়ক:পঞ্চভূতত বিলীন হ’ল জনপ্ৰিয় অভিনেতা জয়ন্ত দাসৰ নশ্বৰদেহ

ABOUT THE AUTHOR

...view details