অসম

assam

নলবাৰীত AJCYP ৰ স্মাৰক পত্ৰৰ প্ৰদান

By

Published : Apr 28, 2023, 10:35 PM IST

ETV Bharat / videos

Formalin found in fish: ফৰ্মেলিন যুক্ত চালানী মাছৰ বিক্ৰী বন্ধৰ দাবীত AJCYP ৰ স্মাৰক পত্ৰ প্ৰদান

নলবাৰী, ২৮ এপ্ৰিল :চালানী মাছেৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ (Formalin used Fish across market)। নগাঁও কলেজত বিশেষ গৱেষণাত চালানী মাছত ধৰা পৰিছিল ফৰ্মেলিন । তাৰ পিচতে সমগ্ৰ ৰাজ্যত সৃষ্টি হৈছিল হাহাকাৰ । ইমানৰ পাচতো নলবাৰীৰ বজাৰত উভৈনদী হৈ আছে চালানী মাছ । শুকুৰবাৰে এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে বজাৰত চালানী মাছ বন্ধ কৰাৰ দাবীত জিলা উপায়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰে (AJYCP leaders submit Memorandum) । 

ইতিমধ্যে চালানী মাছে জনস্বাস্থ্যৰ প্ৰতি অশনি সংকেত কঢ়িয়াই আনিব বুলি জি এম চি এইচৰ অধ্যক্ষয়ো ৰাইজক অৱগত কৰিছে (Memorandum against imported Fish in Nalbari)৷  ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয়ভাৱে ৰাজ্যৰ ভিন্ন প্ৰান্তত বজাৰত চালানী মাছ বন্ধ কৰিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে ৷  

লগতে পঢ়ক:Formalin detected in fish: নগাঁ‌ৱত ফৰ্মেলিনযুক্ত মাছ বিক্ৰীৰ বিৰুদ্ধে সৰৱ যুৱ ছাত্ৰ পৰিষদ

ABOUT THE AUTHOR

...view details