Arunachal border firing: অসমীয়া হত্যাৰে জড়িত অৰুণাচলীক গ্ৰেপ্তাৰৰ দাবীৰে ধেমাজিত প্ৰতিবাদ - Lakhimpur firing case
ধেমাজি, 7 জুন: অৰুণাচলী দুৰ্বৃত্তক শাস্তিৰ দাবীত ধেমাজিত অব্যাহত প্ৰতিবাদ ৷ AJYCP ৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত বৰদলনিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বুধবাৰে সাব্যস্ত কৰা হয় প্ৰতিবাদ (Assam Arunachal border firing) । শীঘ্ৰে অৰুণাচলী অভিযুক্ত দুৰ্বৃত্তক অসমক চৰকাৰক চমজাই দিয়াৰ লগতে কঠোৰতম শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে সংগঠনটোৱে (Dhemaji AJYCP protest) ৷
অৰুণাচলী দুৰ্বৃত্তৰ গুলীত নিহতদ্বয়ৰ পৰিয়ালক অৰুণাচল প্ৰদেশৰ চৰকাৰে ৫০ লাখ আৰু আঘাতপ্ৰাপ্ত লোকক ৫ লাখ টকা প্ৰদানৰ দাবী জনায় AJYCP য়ে ৷ সমান্তৰালভাৱে শীঘ্ৰে অসম-অৰুণাচল সীমাবিবাদ নিষ্পত্তিৰো দাবী উত্থাপন কৰে সংগঠনটোৰ প্ৰতিবাদী নেতাই (Lakhimpur firing case) ৷
উল্লেখ্য যে 5 জুন তাৰিখে লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৰ পানবাৰীত গছপুৰি ৰোপন কৰিবলৈ গৈ অৰুণাচলীৰ গুলীত প্ৰাণ হেৰুৱাইছিল দুজনকৈ লোকে ৷ ইতিমধ্যেই এই ঘটনাৰে জড়িত থকাৰ সন্দেহত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে অৰুণাচল আৰক্ষীয়ে ৷
লগতে পঢ়ক:Lakhimpur firing case: অৰুণাচলী দুৰ্বৃত্তক ফাঁচীৰ দাবীৰে লখিমপুৰত বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ