Ajmal Controversy: আজমলৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিক অভিযোগ দিব অসম জাতীয় পৰিষদে
AIUDFৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলৰ হিন্দু সমাজ আৰু হিন্দু মহিলাক লৈ কৰা কটু মন্তব্যৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈছে অসম জাতীয় পৰিষদ(AJP reacts on Ajmal statement) ৷ দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু লোকসভাৰ অধ্যক্ষক বদৰুদ্দিন আজমলৰ সাংসদপদ খাৰিজ কৰিবলৈ অভিযোগ দিব অসম জাতীয় পৰিষদে(Badruddin Ajmal controversy) । উত্তৰ গুৱাহাটীৰ আউনীআটী সত্ৰৰ নামঘৰ সমাৰোহত উপস্থিত হৈ এই মন্তব্য অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ(Lurinjyoti gogoi) ৷ বদৰুদ্দিন আজমল অসমীয়া জাতিৰ শত্ৰু আৰু বিজেপিৰ অক্সিজেন, বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক মন্তব্যৰ ২৪ ঘন্টা উকলি যোৱাৰ পাছতো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো ৰহস্যজনক বুলি অতি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই লুৰীণজ্যোতি গগৈয়ে ৷
Last Updated : Feb 3, 2023, 8:34 PM IST