Cash for Job Scam: নিজৰ সমষ্টিৰ পৰাই চাকৰিৰ কেলেংকাৰী হোৱা বাবে তদন্ত কৰিবলৈ সাহস নাই মুখ্যমন্ত্ৰীৰ; লুৰীণজ্যোতি - লুৰীণজ্যোতি গগৈ
Published : Oct 4, 2023, 10:44 PM IST
ডিব্ৰুগড়, 4 অক্টোবৰ: ৰাজ্য চৰকাৰে শেহতীয়াকৈ নিযুক্তি দিয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ চাকৰিত শাসক দলৰ একাংশ নেতাই ব্যাপক ধনৰ লেনদেন কৰাৰ অভিযোগ উত্থাপন কৰিছিল বিৰোধী ৰাজনৈতিক দলসমূহে ৷ আনকি হৈ যোৱা অসম বিধানসভাত বিৰোধীৰ প্ৰশ্নৰ উত্তৰত খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা প্ৰমাণ দিলেই তদন্ত কৰা হ'ব বুলি আশ্বাস দিছিল ।
ইয়াৰ পাছতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজা সমষ্টি জালুকবাৰীৰ 5 জনকৈ ব্যক্তিয়ে অনিয়মেৰে চাকৰিত যোগদান কৰা তথ্য ৰাজহুৱা কৰিছিল । আনকি ক'ত কেনেদৰে এইসকলে চাকৰি কৰি আছে সেই কথাও ৰাজহুৱা কৰিছে অসম জাতীয় পৰিষদে ।
কিন্তু চাকৰি কেলেংকাৰীৰ তথ্য প্ৰমাণ দিয়া পাছতো মুখ্যমন্ত্ৰীগৰাকীয়ে আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰৰ পৰাই মুখ্যমন্ত্ৰীক সমালোচনা অসম জাতীয় পৰিষদ সভাপতি লুৰীণজ্যোতি গগৈৰ ।
‘‘মুখ্যমন্ত্ৰীৰ সমষ্টিৰ পৰাই চাকৰিৰ কেলেংকাৰী সংঘটিত হৈছে বাবে মুখ্যমন্ত্ৰীগৰাকীৰ তদন্ত কৰিবলৈ সাহস নাই,’’ গগৈয়ে কয় ৷ তেওঁ লগতে কয় যে সংবিধান ৰক্ষাৰ দায়িত্বত থকা মূল মানুহজনেই যেতিয়া সংবিধান বিৰোধী কাম কৰিব তেতিয়া নতুন প্ৰজন্মই ন্যায় লাভ নকৰে ৷
লগতে পঢ়ক:Pijush Hazarika: হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ভূপেন বৰাৰ আছে ব্যক্তিগত শত্ৰুতা; পীযুষ হাজৰীকা