অসম

assam

অসম জাতীয় পৰিষদ সভাপতি লুৰীণজ্যোতি গগৈ

ETV Bharat / videos

Amrit Kalash Yatra : ছাত্ৰ-ছাত্ৰীক অমৃত কলহ যাত্ৰা কৰোৱা মুখ্যমন্ত্ৰীৰ পত্নী-কন্যা বিদেশত ব্যস্ত প্ৰমোদ ভ্ৰমণত - চৰকাৰী বিদ্যালয়

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 6:22 PM IST

ডিব্ৰুগড়, 5 অক্টোবৰ : "চৰকাৰী বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰীক অমৃত কলহ যাত্ৰা কৰোৱা মুখ্যমন্ত্ৰীৰ পত্নী আৰু কন্যা বিদেশত প্ৰমোদ ভ্ৰমণত ব্যস্ত ৷" এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷ অমৃত কলহ যাত্ৰাক লৈ চৰকাৰক তীব্ৰ সমালোচনা লুৰীণজ্যোতি গগৈৰ ৷  

বিজেপিৰ অমৃত কলহ যাত্ৰাত চৰকাৰী বিদ্যালয়ৰ পৰীক্ষা বাতিল কৰি কণ-কণ ছাত্ৰ-ছাত্ৰীক ৰাজপথত সমদল কৰিবলৈ বাধ্য কৰোৱা চৰকাৰৰ কৰ্মকাণ্ডক ধিক্কাৰ দিয়ে লুৰীণজ্যোতি গগৈয়ে ৷ যি সময়ত মুখ্যমন্ত্ৰীৰ পত্নী-কন্যা ডুবাইত প্ৰমোদ ভ্ৰমণত ব্যস্ত সেই সময়ত অসমৰ চৰকাৰী বিদ্যালয়, চৰকাৰী কাৰ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, কণ-কণ ছাত্ৰ-ছাত্ৰীক ৰাজপথত অমৃত কলহ যাত্ৰা কৰিবলৈ বাধ্য কৰা চৰকাৰখনৰ মন্ত্ৰী-বিধায়কৰ পুত্ৰ-কন্যাকো অমৃত কলহ যাত্ৰা কৰিবলৈ আহ্বান জনাই লুৰীণজ্যোতি গগৈয়ে ৷

অজাপৰ সভাপতিগৰাকীয়ে কয় যে, ছাত্ৰ-ছাত্ৰীক অমৃত কলহ যাত্ৰা কৰোৱা চৰকাৰে তেওঁলোকক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে, তেওঁলোকৰ প্ৰতি অন্যায় কৰিছে ৷ লগতে ৰাজহুৱা খণ্ডৰ মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয় সমূহ ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰ খোদ মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছে বুলি কয় তেওঁ ৷  

মন্ত্ৰী-বিধায়ক সকলৰ সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ুৱাই, দামী বিদ্যালয়ত পঢ়ুৱাই ৷ আমাৰ দুখীয়া, নিম্ন মধ্যবিত্ত পৰিয়ালৰ, গাঁৱে-ভূঞে থকা ছাত্ৰ-ছাত্ৰী সকল এই চৰকাৰী বিদ্যালয়ত পঢ়ে ৷ অথচ তেওঁলোকৰ পৰীক্ষা থকাৰ দিনটোত পৰীক্ষা পিছুৱাই তেওঁলোকক অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰোৱাইছে ৷ তাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মানুহ বিদেশত প্ৰমোদ ভ্ৰমণ কৰিছে ৷ এফালে আমাৰ ছাত্ৰ-ছাত্ৰী ধ্বংস হৈ যাব লাগে আৰু আনফালে তেওঁলোকে দুৰ্নীতি-কেলেংকাৰী কৰি বিলাস ভ্ৰমণ কৰি আছে ৷ সেয়েহে অমৃত কলহ যাত্ৰাত প্ৰথমে মন্ত্ৰী-বিধায়ক সকলৰ সন্তানক অনাৰ বাবে আহ্বান জনাই অজাপৰ সভাপতিগৰাকীয়ে ৷ 

লগতে পঢ়ক :Ek Asom Yatra : মানুহৰ মৌলিক সমস্যা সমূহ সমাধান কৰাত চৰকাৰ চূড়ান্ত ব্যৰ্থ হৈছে; লুৰীণজ্যোতি গগৈ

ABOUT THE AUTHOR

...view details