Ek Asom Yatra : এক অসম যাত্ৰাত অসমৰ মানুহৰ জনসমৰ্থন দেখি ভয় খাইছে বিজেপিয়ে; লুৰীণজ্যোতি গগৈ
Published : Oct 2, 2023, 4:52 PM IST
যোৰহাট, 2 অক্টোবৰ : "যদি সমাজ বচাব লাগে, জাতি-কৃষ্টি-সংস্কৃতি সুৰক্ষিত লাগে তেতিয়া হ’লে এক হ’ব লাগিব, ঐক্যবদ্ধ হ’ব লাগিব ৷ গণতন্ত্ৰ আজি সংকটত ৷ গণতান্ত্ৰিক চিন্তা, প্ৰমূল্য, সাংবিধানিক বিধি ব্যৱস্থা এইবোৰৰ প্ৰতি আক্ৰমণ হৈছে ৷ তেনে পৰিপ্ৰেক্ষিতত অসমৰ সকলো ৰাইজে বিচাৰিছে যে, অসমৰ সকলো প্ৰান্তৰ জনতা, সকলো জাতি জনগোষ্ঠী এক হৈ থাকিব লাগিব ৷" এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷ সোমবাৰে যোৰহাটত উপস্থিত হোৱা এক অসম যাত্ৰাত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে অজাপৰ সভাপতিজনে ৷
অজাপই ধুবুৰীৰ পৰা আৰম্ভ কৰা এক অসম যাত্ৰা সোমবাৰে উপস্থিত হয় যোৰহাটত ৷ যোৰহাট তৰাজান পূজা মন্দিৰত প্ৰথমে সেৱা জনোৱাৰ পিছত মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি যোৰহাট নগৰ মাজেৰে যাত্ৰা আৰম্ভ কৰে অজাপে ৷
যাত্ৰাত অংশগ্ৰহণ কৰি অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, সাধাৰণ জনতা এতিয়া চাৰিওফালৰ পৰা সৰ্বস্বান্ত ৷ তেওঁলোকৰ জীৱন-জীৱিকা, জীয়াই থকাৰ পৰিৱেশ সকলো সংকটৰ মাজলৈ ঠেলি দিয়া হৈছে ৷ খাদ্য সামগ্ৰী, অত্যাৱশ্যকীয় সামগ্ৰী, জীৱনদায়িনী ঔষধ আদিৰ দাম পাঁচ গুণ বৃদ্ধি পালে ৷ তেনেকুৱা এটা পৰিৱেশত সাধাৰণ ৰাইজ কেনেকৈ জীয়াই থাকিব বুলি কয় তেওঁ ৷ লগতে মুখ্যমন্ত্ৰীগৰাকী যে চূড়ান্ত অদক্ষ, নিস্কৰ্মা সেয়া প্ৰমাণিত হৈ গ’ল বুলি তীব্ৰ সমালোচনা কৰে অজাপৰ সভাপতিগৰাকীয়ে ৷
লগতে পঢ়ক :Nagaon Shahid Bhavan: নতুন ৰূপ পালে বহু ঐতিহ্যবহনকাৰী নগাঁও শ্বহীদ ভৱনে