অসম

assam

AJP Ek Asom Yatra

ETV Bharat / videos

AJP Ek Asom Yatra : চ্যুকাফাৰ প্ৰতিমূৰ্তিত সেৱা লৈ ডিব্ৰুগড়ত এক অসম যাত্ৰা অসম জাতীয় পৰিষদৰ - AJP Ek Asom Yatra from Dhubri

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 9:32 PM IST

মৰাণ, ৫ অক্টোবৰ :অসম জাতীয় পৰিষদে বিগত ২১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰিছে ‘এক অসম যাত্ৰা’। এই যাত্ৰা বৃহস্পতিবাৰে ডিব্ৰুগড়ত উপস্থিত হৈছে ৷ ধুবুৰীৰ নেতাই ধুবুনীঘাটৰ পৰা আৰম্ভ কৰা অসম জাতীয় পৰিষদৰ 'এক অসম যাত্ৰা' ১৫ দিনৰ অন্তত বৃহস্পতিবাৰে ডিব্ৰুগড়ত প্ৰৱেশ কৰে । ডিব্ৰুগড়ত প্ৰৱেশ কৰি ঐতিহাসিক চেঁচা মৈদামত চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিত সেৱা কৰি এক অসম, ঐক্যবদ্ধ অসম গঢ়ি তোলাৰ সংকল্প লয় ।

ইয়াৰ পাছত আছুৰ শ্বহীদ বেদীত সেৱা লৈ ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰৰ পৰা ডিব্ৰুগড় নগৰৰ মাজেৰে পদযাত্ৰা আৰম্ভ কৰে । পদযাত্ৰাত গায়ন-বায়নকে ধৰি বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ অংশগ্ৰহণেৰে প্ৰায় পাঁচ সহস্ৰাধিক দলীয় কৰ্মী-সমৰ্থক উপস্থিত থাকে । অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ডিব্ৰুগড়ত ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি লাভ কৰা বুলি উল্লেখ কৰে । লগতে কয়, এই যাত্ৰা নিবাৰ্চনকেন্দ্ৰিক নহয় । ৰাইজে ভাল পালে নিশ্চয় বিজয়ী কৰাব ।

এতিয়া ভাঙি পৰা সমাজ পুনৰ গঢ়িবলৈ বিচৰা হৈছে । চাওলুং চ্যুকাফা আৰু শংকৰদেৱৰ আদৰ্শ পুনৰ প্ৰতিষ্ঠা কৰাটো মূল লক্ষ্য বুলি কয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । ডিব্ৰুগড়ত অজাপৰ 'এক অসম যাত্ৰাত' সভাপতিগৰাকীৰ লগতে সাধাৰণ সম্পাদক জগদীশ ভূঞা, দুলু আহমেদ, অনুপ ফুকন, ডঃ দিলীপ ভূঞা, অজিত বৰগোহাঁইকে প্ৰমুখ্য কৰি ভালেসংখ্যক কেন্দ্ৰীয় নেতাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :AAMSU protest in Lakhimpur: ভিন্ন সমস্যা সমাধানৰ দাবীত আমছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details