অসম

assam

টেঙাখাতত পথ নিৰ্মাণ কৰি ৰামেশ্বৰ তেলীক প্ৰত্যাহ্বান অসম জাতীয় পৰিষদৰ

ETV Bharat / videos

AJP road construction: ৰামেশ্বৰ তেলীক প্ৰত্যাহ্বান জনাই হাতে কামে পথ নিৰ্মাণত লাগিল লুৰীণজ্যোতি - কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 8:08 AM IST

মৰাণ, 30 আগষ্ট :সোমবাৰৰ পৰা ৰাজ্যত ৰাজনৈতিকভাৱে অধিক চৰ্চিত হৈ আছে অসম জাতীয় পৰিষদ । জুবিন গাৰ্গে অসম জাতীয় পৰিষদ ফটুৱা পাৰ্টী বুলি কোৱাত ৰাজনৈতিক, সামাজিকভাৱে চৰ্চিত হৈ পৰিছে অসম জাতীয় পৰিষদ। 

ৰাজ্যত চলি থকা বিৰ্তক আৰু চৰ্চাৰ মাজতে মঙলবাৰৰ দিনটোত ব্যতিক্ৰমী ৰূপত দেখা গ'ল অসম জাতীয় পৰিষদৰ নেতৃত্ব অৰ্থাৎ সভাপতি লুৰীণজ্যোতি গগৈক । সকলো চৰ্চা বিৰ্তকক তল পেলাই টেঙাখাতত পথ নিৰ্মাণ কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক প্ৰত্যাহ্বান জনালে অসম জাতীয় পৰিষদে । 

দুলীয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত নকাৰি ভেকুলাজানগাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ লেংৰাই গাঁৱত অসম জাতীয় পৰিষদ দুলীয়াজান সমষ্টি সমিতিৰ উদ্যোগত আৰু লেংৰাইবাসী ৰাইজৰ সহযোগত গাঁওখনৰ জৰাজীৰ্ণ পথচোৱাৰ মেৰামতিৰ কাম হাতত লয় । এই শ্ৰমদান কাৰ্যসূচীত অসম জাতীয় পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে বিশেষভাৱে উপস্থিত থাকি ৰাইজৰ সৈতে পথ মেৰামতিত যোগদান কৰে । 

সভাপতি গৰাকীয়ে নিজে ৰাইজৰ সৈতে পথ নিৰ্মাণৰ কাম কৰি ৰাইজক উৎসাহিত কৰে । একাঁঠু বোকাময় পথটোত শিল পেলাই যাতায়তৰ বাবে ৰাইজক অলপ সকাহ দিলে অসম জাতীয় পৰিষদে । 

পথ নিৰ্মাণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সভাপতি লুৰীণজ্যোতি গগৈয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক তীব্ৰ সমালোচনা কৰে । গগৈয়ে কয় যে, গাঁৱৰ ৰাইজৰ সহযোগত এই শ্ৰমদান কাৰ্যসূচী আয়োজন কৰা হৈছে ৷ এই সমষ্টিৰ বিধায়কৰ কোনো কাণসাৰ নাই, কেৱল নিৰ্বাচনৰ সময়তহে গাঁৱৰ লোকসকলৰ ওচৰলৈ আহে ৷ 

কেন্দ্ৰীয় মন্ত্ৰীৰ সমষ্টিত এনেকুৱা পথেদি ৰাইজে অহা যোৱা কৰিব লগা হোৱাটো দুৰ্ভাগ্যজনক বুলি কয় লুৰীণজ্যোতি গগৈয়ে । কেৱল নিবাৰ্চনৰ সময়ত এই লোকসকলক কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাই মনত পেলাই বুলি কঠোৰ ভাষাৰে সমালোচনা কৰে কয় সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

লগতে পঢ়ক:Assam Flood 2023: ৰাজ্যৰ 21 খন জিলা ভদীয়া বানৰ কৱলত; মৃতকৰ সংখ্যা 15 জনলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details