অসম

assam

আলফা(স্বা) এ দুজন কেডাৰক মৃত্যুদণ্ড বিহা সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞাৰ প্ৰতিক্ৰিয়া

ETV Bharat / videos

ULFA I killed cadre : আলফা(স্বা)ই দুজন কেডাৰক মৃত্যুদণ্ড বিহা সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞাৰ প্ৰতিক্ৰিয়া

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 4:30 PM IST

Updated : Oct 30, 2023, 4:38 PM IST

গুৱাহাটী, ৩০ অক্টোবৰ :আলফা(স্বা) ই দুজনকৈ কেডাৰক মৃত্যুদণ্ড বিহা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই । সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘‘এই মৃত্যুদণ্ডক কেতিয়াও সমৰ্থন নকৰো । কোনো গণতান্ত্ৰিক ব্যক্তিয়ে এই মৃত্যুদণ্ডক সমৰ্থন নকৰে । আমি আগৰ পৰাই হত্যাৰ ৰাজনীতিৰ বিৰোধিতা কৰি আহিছো । আলফাৰ দলীয় নিয়ম আছে, সংবিধান আছে । তেওঁলোকে এই কামটো কৰেই’’ ।

ইপিনে আলফা(স্বা) আৰু অসম আৰক্ষীৰ টুইট যুদ্ধৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, ‘‘পুলিচৰ লগত আলফাৰ যুদ্ধ আগৰ পৰায়ে হৈ আছে । অসমত আইন শৃংখলা একেবাৰে অৱনমিত হৈছে । DGP গৰাকী অসম প্ৰেমী হৈ উঠিছে । অসমত যিমান হত্যাকাণ্ড হৈছে, চুৰি-ডকাইতি, দুৰ্নীতি হৈছে, এইবোৰৰ তুলনাত আলফাৰ ভূমিকা তেনেই নগণ্য । অসমৰ আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকী অসহায় আৰু ব্যৰ্থ’’ ।

লগতে পঢ়ক :ULFA I killed cadre: ‘মোৰ ল’ৰাক হত্যা কৰা হৈছে নে নাই ?’ পৰেশ বৰুৱাৰ পৰা স্পষ্টীকৰণ বিচাৰিলে পিতৃয়ে

Last Updated : Oct 30, 2023, 4:38 PM IST

ABOUT THE AUTHOR

...view details