AIUDF দলৰ ৰাহুল গান্ধীলৈ 30 টা প্ৰশ্ন - AIUDF দলৰ বিধায়ক
Published : Jan 12, 2024, 2:35 PM IST
চামগুৰি, 12 জানুৱাৰী:অসমত ৰাহুল গান্ধীৰ আগমনকলৈ দলগাঁওৰ AIUDF দলৰ বিধায়ক মুজিবুৰ ৰহমানে আগবঢ়ায় বিস্ফোৰক মন্তব্য ৷ AIUDF প্ৰধান বদৰুদ্দিন আজমলে ৰাহুল গান্ধীক কৰা 30 টা প্ৰশ্নৰ উত্তৰ দিব পাৰিলে বিধায়ক মুজিবুৰ ৰহমানে AIUDF দল ত্যাগ কৰিব বুলি কয় ৷ ৰাহুল গান্ধীৰ সৎ সাহস আছে যদি 30 টা প্ৰশ্নৰ উত্তৰ দিয়াৰ প্ৰত্যাহ্বান জনাই বিধায়ক মুজিবুৰ ৰহমানে 2024 ৰ লোকসভা নিৰ্বাচনত নগাঁও, ধুবুৰী, কৰিমগঞ্জ AIUDF দলে দখল কৰাৰ দাবী কৰে ৷
ৰূপহীহাটৰ বাটামাৰীত AIUDF দলৰ কৰ্মী সভাত উপস্থিত হৈ এই মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ আনহাতে, একেখন সভাতে কংগ্ৰেছ দল ত্যাগ কৰি AIUDF দলত যোগদান কৰে প্ৰায় 12 শতাধিক কংগ্ৰেছ কৰ্মীয়ে ৷ অহা 13 তাৰিখে কাৱৈমাৰীত হ’বলগীয়া AIUDF দলৰ বিশাল গণ সমাৱেশৰ প্ৰচাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে বিধায়কগৰাকীয়ে ৷
লগতে পঢ়ক:কংগ্ৰেছত যোগদান এ আই ইউ ডি এফৰ প্ৰতিষ্ঠাপক কাৰ্যকৰী সভাপতি হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ