অসম

assam

ৰহিম খানৰ বাসগৃহত উপস্থিত বদৰুদ্দিন আজমল

By

Published : Jun 23, 2023, 11:11 AM IST

ETV Bharat / videos

Badruddin Ajmal in Barpeta : বৰপেটাৰ প্ৰাক্তন বিধায়ক ৰহিম খানৰ বাসগৃহত বদৰুদ্দিন আজমল

বৰপেটা, 23জুন: এ আই ইউ ডি এফ নেতা তথা বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানৰ বাসগৃহত উপস্থিত সাংসদ বদৰুদ্দিন আজমল ৷ এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলে বৃহস্পতিবাৰে বিয়লি ৰহিম খানৰ বাসগৃহত উপস্থিত হৈ ৰহিম খানৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰে ৷ বিধায়ক শ্বেৰমান আলী আহমেদ, কৰিম উদ্দিন বৰভূঞা, আশ্ৰাফুল হুছেইনকে আদি কৰি কেইবাজনো বিধায়ক আৰু এ আই ইউ ডি এফ নেতাৰ সৈতে ৰহিম খানৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি শোক ব্যক্ত কৰে ধুবুৰীৰ সাংসদগৰাকীয়ে ৷ 

উল্লেখ্য যে, কেবামাহ ধৰি শাৰিৰীকভাৱে অসুস্থ হৈ থকাৰ পিচত যোৱা সোমবাৰে দেহাৱসান ঘটিছিল এ আই ইউ ডি এফ নেতা আব্দুৰ ৰহিম খানৰ ৷ এ আই ইউ ডি এফ দল গঠনৰ অন্যতম কাণ্ডাৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে বদৰুদ্দিন আজমলে ৷ ৰহিম খানৰ সক্ৰিয়তা আৰু তেওঁৰ সৈতে থকা সম্পৰ্কৰ কথা সংবাদ মাধ্যমৰ আগত সোঁৱৰে বদৰুদ্দিন আজমলে ৷ 

অৱশ্যে আজমলৰ সৈতে ৰহিম খানৰ ভুল বুজাবুজি হৈ কংগ্ৰেছত যোগদান কৰিছিল যদিও কেইমাহমান পূৰ্বে পুনৰ এ আই ইউ ডি এফলৈ উভতি আহিছিল বুলিও কয় এ আই ইউ ডি এফ নেতাগৰাকীয়ে  ৷

লগতে পঢ়ক :PM Modi program in America : আমেৰিকাত মোডী আগমনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰ্ণাটকৰ যুৱ বিজ্ঞানীৰ

ABOUT THE AUTHOR

...view details