অসম

assam

Guwahati AIIMS

ETV Bharat / videos

Guwahati AIIMS Inauguration : ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব গুৱাহাটী এইমছ - OPD services in Guwahati AIIMS

By

Published : Mar 23, 2023, 4:55 PM IST

Updated : Mar 23, 2023, 5:52 PM IST

বাইহাটা, ২৩ মাৰ্চ :মুকলিৰ দিশে আগবাঢ়িছে গুৱাহাটী এইমছ (Guwahati AIIMS ready to service) । অহা ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব গুৱাহাটী এইমছ (AIIMS Guwahati to be inaugurate by PM Modi) । ইতিমধ্যে গুৱাহাটী এইমছৰ নিৰ্মাণকাৰ্যৰ প্ৰায় ৯০ শতাংশ কাম সম্পূৰ্ণ হৈ উঠিছে ।

বৃহস্পতিবাৰে এইমছৰ নিৰ্মাণকাৰ্যৰ বুজ ল'বলৈ চাংসাৰিৰ এইমছ চৌহদত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma visited Guwahati AIIMS) । উল্লেখ্য যে ইতিমধ্যে এইমছৰ ১৮ টা বিভাগৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । আনহাতে, ৭৫০ খন বিছনাযুক্ত চিকিৎসালয়খনত বৰ্তমান ১৫০ খন বিছনা কাৰ্যক্ষম হৈ আছে । ইয়াৰ উপৰি চিকিৎসালয়খনত বৰ্তমান বৰ্হিবিভাগত (OPD services in Guwahati AIIMS) সেৱা আগবঢ়াই থকা হৈছে ।

অৱশ্যে ১৪ এপ্ৰিলতহে প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাৰ বাবে মুকলি কৰিব (AIIMS Guwahati inaugurated on 14th April 2023) । উল্লেখ্য যে প্ৰধানমন্ত্ৰীয়ে অহা ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাইত অনুষ্ঠিত হ'বলগীয়া ঐতিহাসিক বিহু অনুষ্ঠানত উপস্থিত থাকিব । সেই দিনটোতে গুৱাহাটী এইমছ আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে । উল্লেখ্য, বৰ্তমান গুৱাহাটী এইমছত তিনিটা শৈক্ষিক বৰ্ষৰ পাঠদান চলি আছে বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক :Tribals Mass Rally: খানাপাৰাত লক্ষাধিক জনজাতি লোকৰ গণ সমাবেশৰ প্ৰস্তুতি

Last Updated : Mar 23, 2023, 5:52 PM IST

ABOUT THE AUTHOR

...view details