অসম

assam

ৰাজীৱ ভৱনত বিহু নৃত্য

ETV Bharat / videos

Bihu Dance in Rajiv Bhawan: নিৰ্বাচন আহি আছে; ঢোলত চাপৰ মাৰি সাজু হোৱাৰ ইংগিত দিলে কংগ্ৰেছে - Rajeev Bhawan in Guwahati

By

Published : Apr 27, 2023, 9:48 PM IST

গুৱাহাটী, ২৮ এপ্ৰিল:অসমত কংগ্ৰেছৰ দুৰ্দিন চলি থকাৰ সময়তে বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত বিহু নৃত্যত মতলীয়া হ'ল দলটোৰ শীৰ্ষ নেতৃত্ব (Bihu Dance in Guwahati Rajiv Bhawan)। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ ঢোলৰ ছেৱে ছেৱে বিহু নৃত্য কৰিলে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙে ৷ এবাৰ ঢোলটো কান্ধত লৈ বজাই চালে নেতাগৰাকীয়ে (APCC president Bhupen Bora)।

উল্লেখ্য যে, অসমৰ আগন্তক লোকসভা নিৰ্বাচনকলৈ কংগ্ৰেছ দলৰ বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আহ্বান কৰা হৈছে বিশেষ বৈঠক । এই বৈঠকত অংশগ্ৰহণৰ বাবে গুৱাহাটীৰ ৰাজীৱ ভৱনত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদকক তথা অসম কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং আৰু সম্পাদক তথা অসম কংগ্ৰেছৰ সহ তত্বাৱধায়ক পৃথ্বীৰাজ সাথে উপস্থিত হয় । তেওঁলোকক বিহু নৃত্যৰে আদৰণি জনোৱা হয় ।  

সেই চেগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই গলত ঢোল ওলোমাই লয় । ভূপেন বৰাৰ ঢোলৰ চেৱত বিহুৱাসকলৰ সৈতে বিহু নৃত্য কৰে জীতেন্দ্ৰ সিঙে । নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদকগৰাকীয়ে বিহুৰ গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছ সৃষ্টি কৰা সন্দৰ্ভত কয়," বিহু অসমীয়াৰ সাংস্কৃতিক ঐতিহ্য ।" 

তেওঁ বিহুক লৈ বেলেগকৈ পৰিচয় দিয়াৰ প্ৰয়োজন নাই বুলি তেওঁ মন্তব্য কৰে (Jitendra Singh react on Bihu world record)। উল্লেখ্য যে, গুৱাহাটী ৰাজীৱ ভৱনত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদকগৰাকীক উপস্থিতত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি লৈ গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ৰুদ্ধধাৰ বৈঠক আৰম্ভ হৈছে ।  

লগতে পঢ়ক:Philobari Husori controversy: ছোৱালীয়ে ধুতি পিন্ধি হুঁচৰি গোৱাই হ’ল অপৰাধ; নিমন্ত্ৰণ কৰিও নিদিলে প্ৰদৰ্শন কৰিবলৈ

ABOUT THE AUTHOR

...view details