অসম

assam

বাইলঙ বংশাৱলী সভাৰ লাইখুঁটা স্থাপন

ETV Bharat / videos

মৰাণৰ কঁঠালগুৰিত প্ৰথম বাৰ্ষিক বাইলঙ বংশাৱলী সভাৰ লাইখুঁটা স্থাপন - Ahom Rules Assam

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 6:05 PM IST

ডিব্ৰুগড়, 26 নৱেম্বৰ : আহোমৰ শাসন কালত আহোমসকলৰ তিনিটা ‘ম'(পুৰোহিত) শ্ৰেণীৰ অন্যতম ‘বাইলুঙ’সকল ৷ আহোমৰ যিকোনো ৰীতি-নীতি পালনৰ বাবে দেওধাই, মহন আৰু বাইলঙসকল অপৰিহাৰ্য ৷

বাইলুংসকলৰ মুঠ ১৯ টা ফৈদ বৃটিছ শাসনৰ সময়ৰ পৰা কালক্ৰমত অসমৰ লগতে ভিন্নপ্ৰান্তত সিঁচৰতি হৈ পৰিল ৷ বিভিন্নজনে পৰৱৰ্তী সময়ত আহোমসকলৰ ভিন্ন উপাধি গ্ৰহণ কৰিলে ।  

বাইলঙসকলক একত্ৰিত কৰিবলৈ পোনপ্ৰথমবাৰৰ বাবে মৰাণৰ কঁঠালগুৰি বাইলুং গাঁৱত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ‘বাইলুং বংশাৱলী’ ৷ ডামচাও হৰেণ বাইলুং সোঁৱৰণী সমন্বয় ক্ষেত্ৰত অহা ৬ আৰু ৭ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে প্ৰথম বাৰ্ষিক বাইলুং বংশাৱলী সভা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ।

তদুপলক্ষে আজি কঁঠালগুৰি বাইলঙ গাঁৱৰ খেলপথাৰত আহোমৰ পৰম্পৰাগত ৰীতি-নীতিৰে লাইখুঁটা স্থাপন কৰা হয় । উক্ত অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ বাইলুং সমাজৰ লোকসকল উপস্থিত থাকে । ইয়াৰ পাচতে ‘বাইলঙ বংশাৱলী’ সুন্দৰভাৱে অনুষ্ঠিত কৰাৰ বাবে এক আলোচনা সভাও অনুষ্ঠিত হয় ।

লগতে পঢ়ক :তিনিদিনীয়াকৈ আৰম্ভ 50 বছৰ গৰকা দুলীয়াজান আঞ্চলিক ৰাস মহোৎসৱ

ABOUT THE AUTHOR

...view details