Saraswati Puja 2023: টাই আহোমৰ ৰীতি-নীতিৰে নাজিৰাত সৰস্বতী পূজা - Saraswati Puja 2023
আজি বিদ্যাৰ অধীষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা(Saraswati Puja 2023) ৷ প্ৰতিখন শিক্ষানুষ্ঠানতে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ মংগল কামনাৰে উলহ-মালহেৰে আয়োজন কৰা হ’ল সৰস্বতী পূজা ৷ নাজিৰাৰ বালিঘাটস্থিত ৱেদ একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুলতো টাই আহোমৰ ৰীতি-নীতিৰে অনুষ্ঠিত হ’ল সৰস্বতী পূজা ৷
উল্লেখ্য যে, জাচিংফা হ’ল আহোমসকলৰ বিদ্যাৰ গৰাকী ৷ শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে আশীষ গ্ৰহণ কৰে জাচিংফাৰ ৷ নাজিৰাৰ ৱেদ একাডেমী (Najira Ved academy)চিনিয়ৰ চেকেণ্ডাৰী স্কুলত এই জাচিংফা পূজা উদ্যাপন কৰা মূল আৰু উদ্দেশ্য হ’ল শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী আৰু নৱপ্ৰজন্মক টাই-আহোমৰ ৰীতি-নীতিৰে কিদৰে এই জাচিংফা পূজা উদ্যাপন কৰা হয় সেই বিষয়ে চিনাকি কৰোৱা ।