Ahom sena protest: শিৱসাগৰত আহোম সেনাৰ প্ৰতিবাদ - Ahom sena protest against the Assam govt
শিৱসাগৰ, 11 আগষ্ট: অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধি আৰু পাম খেতিৰ বাবে ৰামদেৱক ভূমি আৱন্টন দিয়াৰ বিৰোধিতাৰে শিৱসাগৰত আহোম সেনাৰ প্ৰতিবাদ । মূল্য বৃদ্ধি আৰু পাম খেতিৰ বাবে ভূমি আৱন্টন দিবলৈ লোৱা অসম চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰ দৌলমুখ চাৰিআলিত আহোম সেনাই প্ৰতিবাদ সাব্যস্ত কৰে । আহোম সেনাৰ বিষয়ববীয়া তথা সদস্যসকলে মূল্যবৃদ্ধি ৰোধ কৰক, হিমন্ত বিশ্ব শৰ্মা হায় হায়, যোগান মন্ত্ৰী মুৰ্দাবাদ আদি শ্লোগান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ।
ইয়াৰ উপৰিও তিনিচুকীয়া জিলাত ৰামদেৱৰ কোম্পানীক পাম খেতি কৰিবলৈ দিয়া নহ'ব বুলি প্ৰতিবাদস্থলীৰ পৰা হুংকাৰ দিয়ে আহোম সেনাই । পাম খেতি কৰি অসমৰ উৰ্বৰা ভূমি নষ্ট কৰিবলৈ দিয়া নহ’ব বুলিও সকীয়াই দিয়ে আহোম সেনাই । ৰাজ্যত পাম খেতি আৰম্ভ কৰিলে আহোম সেনাই উচ্ছেদ কৰিব বুলিও স্পষ্ট কৰি দিয়ে ৷
লগতে পঢ়ক :Palm Oil in Assam :অসমত ৩ লাখ হেক্টৰ বিঘা মাটিত পাম অইল খেতি কৰা হ'ব :মুখ্যমন্ত্ৰী