অসম

assam

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক বিৰোধিতা

By

Published : Jun 27, 2023, 10:21 AM IST

ETV Bharat / videos

Constituency Delimitation 2023 : সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাৰ বিৰোধিতা; ন্যায়ালয়ত গোচৰ তৰিব আহোম জাতীয় গণমঞ্চ অসমে

ডিব্ৰুগড়, 27 জুন :কেন্দ্ৰীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত, খিলঞ্জীয়া বিৰোধী আৰু সাম্প্ৰদায়িক আখ্যা দিছে আহোম জাতীয় গণমঞ্চ অসমে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰোধিতা কৰি সংগঠনটোৱে শীঘ্ৰেই দেশৰ উচ্চতম ন্যায়ালয়ত গোচৰ তৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । সোমবাৰে মৰাণত এক সংবাদমেল আয়োজন কৰি এই কথা সদৰী কৰে আহোম জাতীয় গণমঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বই ।

সংগঠনটোৰ সভাপতি মহেন্দ্ৰ দিহিঙীয়াই সম্বোধন কৰা সংবাদমেলখনত এই সমগ্ৰ প্ৰক্ৰিয়াটো অবৈধ বুলি মন্তব্য কৰে । সমগ্ৰ ভাৰতবৰ্ষতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়সীমা 2026 চন হোৱাৰ পৰিৱৰ্তে অসমত 2001 চনৰ লোকপ্ৰিয়লৰ ভিত্তিত জৰুৰীভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিৰ অভিসন্ধিৰ বাহিৰে আন একো নহয় বুলি উল্লেখ কৰে ।

সংগঠনটোৱে অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী নোহোৱা পৰ্যন্ত লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰা পৰ্যন্ত সমষ্টি পুনৰ নিৰ্ধাৰণ মানি নলয় বুলি স্পষ্ট কৰি দিয়ে । এই সন্দৰ্ভত ভাৰতীয় নিৰ্বাচনী আয়োগলৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে গাঁৱে গাঁৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে গণ স্বাক্ষৰ আৰু প্ৰতিবাদী সভা অনুষ্ঠিত কৰিব আহোম জাতীয় গণ মঞ্চই ৷

লগতে পঢ়ক :Constituency Delimitation 2023: তৎপৰ নিৰ্বাচন আয়োগ; ১৫ আগষ্টৰ ভিতৰত চূড়ান্ত কৰাৰ লক্ষ্য সমষ্টি পুনৰ নিৰ্ধাৰণ

ABOUT THE AUTHOR

...view details