অসম

assam

উৎকোচ লৈ হাত দাঙিলে কৃষি বিষয়া বিদ্যুৎ কুমাৰ তালুকদাৰে

ETV Bharat / videos

Bribery case: তিনি হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে কৃষি বিষয়াই

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 8:31 PM IST

Updated : Sep 13, 2023, 12:13 PM IST

মঙলদৈ, ১২ ছেপ্টেম্বৰ : নাও বুৰিলেও টিঙৰ পৰা নানামে একাংশ চৰকাৰী বিষয়াই ৷ ৩০০০ টকা উৎকোচ লৈ এইবাৰ গ্ৰেপ্তাৰ হ’ল দৰং জিলাৰ কৃষি বিষয়া ৷ নাম বিদুৎ কুমাৰ তালুকদাৰ ৷ তিনি হাজাৰ টকা ঘোচ লওঁতেই হাতে লোটে ধৰা পৰিল জিলা কৃষি বিষয়া বিদ্যুৎ কুমাৰ তালুকদাৰ ।

মঙলবাৰে দিনৰ প্ৰায় ১২ মান বজাত দুৰ্নীতি নিবাৰণ শাখাৰ এটা দলে মঙলদৈ চহৰৰ মাজ মজিয়াত থকা জিলা কৃষি বিভাগৰ কাৰ্যালয়ত অতৰ্কিতে অভিযান চলাই বিষয়াজনক গ্ৰেপ্তাৰ কৰে । অভিযোগ অনুসৰি কৃষি বিভাগৰ ৰাসায়নিক সাৰ আৰু কীটনাষক ঔষধ বিক্ৰীৰ বাবে এটি ১৫ দিনীয়া প্ৰশিক্ষণৰ বাবে বিভাগে এখন তালিকা প্ৰস্তুত কৰিছিল । এই প্ৰশিক্ষণ লাভ কৰিলেহে কৃষি বিভাগৰ অনুজ্ঞাপত্ৰ লাভ কৰিব পাৰিব লোকসকলে ৷  

এই প্ৰশিক্ষণ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ তালুকদাৰে বিচাৰিছিল ৫০০০ টকাকৈ উৎকোচ । সেইবাবে খাৰুপেটীয়াৰ এজন যুৱকে তেওঁক তিনিহাজাৰ টকা দিবলৈ আহিছিল ৷ সেই তিনিহাজাৰ টকা লৈ থাকোঁতেই হাতে-লোটে ধৰা পৰে বিষয়াজন । তালুকদাৰে দুমাহ পূৰ্বে মঙলদৈ লৈ আহি কৃষি বিষয়া হিচাপে যোগদান কৰিছিল । 

লগতে পঢ়ক:Theft incident in Post office: ডাকঘৰৰ তলা ভাঙি চোৰে লুটিলে গ্ৰাহকৰ 1 লাখ 72 হাজাৰ টকা

Last Updated : Sep 13, 2023, 12:13 PM IST

ABOUT THE AUTHOR

...view details