Organisational meeting of AGP: সমষ্টি পুনৰ নিৰ্ধাৰণ পাচতহে অগপই প্ৰাৰ্থীত্বৰ কথা চিন্তা কৰিব: অতুল বৰা - অগপ সভাপতি অতুল বৰা
যোৰহাট, 31 মে’ : আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম গণ পৰিষদে প্ৰতিটো লোকসভা সমষ্টিতে দলৰ সাংগঠনিক কাম-কাজক লৈ ব্যস্ত হৈ পৰিছে । মঙলবাৰে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত যোৰহাটতো অনুষ্ঠিত হ’ল সাংগঠনিক সভা (AGP organisational meeting in Jorhat) ৷ আগন্তুক নিৰ্বাচনক লৈ দলৰ প্ৰস্তুতি তথা ৰণকৌশল সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হ’ল উক্ত সভাত । ইয়াৰ পাচতেই মন্ত্ৰী বৰাই আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে এখনো আসন লাভ নকৰে বুলি দাবী কৰে মন্ত্ৰী অতুল বৰাই ৷
অগপৰ সভাপতি অতুল বৰাই ৰাজ্যত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া চলি থকা বাবে অসম গণ পৰিষদে কোনটো লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াব সেই কথা এতিয়ালৈকে নিশ্চিত কৰা হোৱা নাই বুলি জানিবলৈ দিয়ে (MLA Atul Bora at Jorhat)। উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দলীয় সভা অনুষ্ঠিত কৰি সাংগঠনিক তৎপৰতা অব্যাহত ৰখাৰ লগতে দলটোৱে একপ্ৰকাৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰাৰ পৰিলক্ষিত হৈছে । যোৰহাট মুক্তি যুঁজাৰু ভৱনত এই সাংগঠনিক সভা অনুষ্ঠিত হয় (Organisational meeting of AGP) ।
লগতে পঢ়ক :AGP meeting in Barpeta:লোকসভাত আমাৰ প্ৰতিনিধিত্ব নিশ্চিত কৰিম :অতুল বৰা