অসম

assam

জটিল ৰোগত আক্ৰান্ত অগপ নেতা

ETV Bharat / videos

Deprived of treatment: চিকিৎসাৰ পৰা বঞ্চিত জটিল ৰোগত আক্ৰান্ত অগপ নেতা - AGP leader deprived of treatment in Raha

By

Published : Feb 19, 2023, 9:25 PM IST

ৰহা, ১৯ ফেব্ৰুৱাৰী:স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলাতেই অগপ নেতাই চিকিৎসাৰ বাবে হাবাথুৰি খাবলগীয়া হৈছে (Health Minister Keshav Mahanta)। জটিল ৰোগত আক্ৰান্ত অগপ নেতা কৃষ্ণ কলিতা বঞ্চিত হৈছে উপযুক্ত চিকিৎসাৰ পৰা (AGP leader deprived of treatment in Raha)। একালত নগাঁও জিলাৰ ৰহা সমষ্টিৰ অগপ দলৰ বিভিন্ন পদবীত অধিষ্ঠিত হৈ দলক শক্তিশালি কৰা নেতাগৰাকী আজি উপযুক্ত চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । এইগৰাকী নেতাই ৰহা মীন মহাবিদ্যালয় স্থানান্তৰৰ বিৰুদ্ধে আন্দোলনত আগভাগ লৈছিল । তেওঁ ৰহাত এইমচ স্থাপনৰ দাবী আন্দোলন, ৰহা মহকুমা স্থাপন দাবী সমিতি, ৰহা নগৰ দাবী সমিতিৰ লগত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল ।

ৰহাৰ সমাজ জীৱনত বিশেষভাৱে জড়িত হৈ পৰা বিশিষ্ট সমাজ সেৱক কৃষ্ণ কলিতা সম্প্ৰতি এক জটিল ৰোগত আক্ৰান্ত হৈ উন্নত চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । বিগত বৰ্ষৰ ১৮ ডিচেম্বৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰা এক পৰীক্ষাৰ অন্তত কিডনী সম্পৰ্কীয় এক জটিল ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পাৰি কিছুদিন ধৰি চিকিৎসা মহাবিদ্যালয়তে চিকিৎসা গ্ৰহণ কৰে (Gauhati Medical College Hospital)। দুবাৰকৈ ডায়েলেচিচ কৰাৰ পিছত ঘৰলৈ ঘূৰি আহি পুনৰ যোৱা শনিবাৰে  চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ডায়েলেচিচ কৰিবলৈ বুলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় যদিও ডায়েলেচিচ নকৰাকৈ নগাঁও অসামৰিক চিকিৎসালয়ত ল'বলৈ বুলি ঘূৰাই পঠিয়ায় ।  

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ পৰামৰ্শমৰ্মে ডায়েলেচিচ কৰিবলৈ বুলি নগাঁও অসামৰিক চিকিৎসালয়ত উপস্থিত হয় যদিও চিকিৎসকৰ পৰা কোনোধৰণৰ সঁহাৰি নাপালে বুলি কৃষ্ণ কলিতাৰ পত্নী লক্ষীমাই শইকীয়া কলিতাই অভিযোগ উত্থাপন কৰিছে । উত্থাপিত অভিযোগ মতে, এজন চিকিৎসা কৰ্মীয়ে ডায়েলেচিছ মেছিন এটা কিনি আনিবলৈহে ৰোগীক পৰামৰ্শ আগবঢ়ায় । অগপ দলৰ জন্মলগ্নৰে পৰা জড়িত তথা স্বাস্থ্যমন্ত্ৰীৰ একালৰ সতীৰ্থ কৃষ্ণ কলিতা উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:DU Ragging Incident Update: দীৰ্ঘদিনীয়া চিকিৎসাৰ অন্তত ঘৰলৈ উভতিল ৰেগিংকাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মা

ABOUT THE AUTHOR

...view details