KAAC Election 2022: চুচেনধেন্টা সমষ্টিত টকাত বিক্ৰী নাযায় ৰাইজ - public does not sell for Money
নগাঁও-কাৰ্বি আংলং জিলাৰ পাৰ্কুপত শনিবাৰে অগপ-বিজেপিৰ সমৰ্থক ৰাইজে যৌথভাৱে প্ৰচাৰ অভিযান চলায় ৷ উল্লেখ্য যে, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ (KAAC Election 2022) দিন কাষ চাপি অহাৰ সমান্তৰালভাৱে জিলাখনত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ এইবাৰ ১৭ নং চুচেনধেন্টা সমষ্টিৰ নিৰ্বাচন লেখত ল’বলগীয়া হ’ব বুলি আশা কৰা হৈছে ৷ চুচেনধেন্টা সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত শাসকীয় বিজেপি, অগপৰ লগতে বিৰোধী কংগ্ৰেছৰ সমৰ্থক ৰাইজে নিৰ্দলীয় প্ৰাৰ্থী মোহন বে’ক সমৰ্থন আগবঢ়ায় ৷ বিগত ২০ বছৰে শাসনাধিষ্ঠ কাৰ্যবাহী বিষয়া তথা বৰ্তমানৰ বিজেপিৰ প্ৰাৰ্থী কাছে ৰংপিপিয়ে সমষ্টিটোৰ কোনো ধৰণৰ উন্নয়ন নকৰিলে বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে ৷ যাৰবাবে এইবাৰ ৰাইজ টকাত বিক্ৰী নাযায় বুলি ক্ষোভ প্ৰকাশ কৰে সমষ্টিবাসীয়ে ৷ অহা ৮ জুনত কাৰ্বি আংলঙৰ মুঠ ২৬ টা সমষ্টিত অনুষ্ঠিত হ’ব কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচন ৷
Last Updated : Feb 3, 2023, 8:23 PM IST