অসম

assam

Agniveer jawan felicitated: অগ্নিবীৰ জোৱানক নাৰেংগী সেনা ছাউনীত সম্বৰ্ধনা

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 8:48 PM IST

অগ্নিবীৰ জোৱানক নাৰেংগী সেনা ছাউনীত সম্বৰ্ধনা

গুৱাহাটী,২৯ ছেপ্টেম্বৰ:ভাৰতীয় সেনাত নিযুক্তি লাভ কৰা প্ৰায় এক হাজাৰৰো অধিক অগ্নিবীৰ জোৱানক নিৰ্বাচিত স্থানত দেশ-মাতৃৰ সেৱাৰ বাবে সাজু কৰি তুলিছে ভাৰতীয় সেনাৰ উৰ্ধতম কৰ্তৃপক্ষই । ইয়াৰ ভিতৰত অসমৰ পৰাও বহুতে নিযুক্তি লাভ কৰিছে, য'ত শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চিৰ ১৭৫ জন কেডেটেও নিযুক্তি লাভ কৰিছে । এন চি চিৰ পৰা নিযুক্তি লাভ কৰা ১৭৫ জন কেডেটক সম্বৰ্ধনা জনোৱা উপলক্ষে শুকুৰবাৰে নাৰেংগী সেনা ছাউনীৰ ব্ৰহ্মপুত্ৰ হলত এন চি চিৰ গুৱাহাটী গ্ৰুপৰ উদ্যোগত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ।  

অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে ভাগ লৈ অগ্নিবীৰত নিযুক্তি লাভ কৰা ১৭৫ জন এন চি চি কেডেটক সম্বৰ্দ্ধনা জনায় অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী নন্দিতা গাৰ্লোচাই । অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ সচিব, সঞ্চালককে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া, এন চি চিৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান, মেজৰ জেনেৰেল গগনদ্বীপ সিং, গুৱাহাটী গ্ৰুপৰ গ্ৰুপ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ দিনকৰ দীঘেকে ধৰি কেবাজনো সেনা বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক:Indian Girls Handball Team: ভাৰতীয় ছোৱালী হেণ্ডবল দললৈ নিৰ্বাচিত তিনিচুকীয়াৰ আকাংক্ষা হাজৰিকা

ABOUT THE AUTHOR

...view details